NORTHEAST NOW (Assamese)

ধলাৰ গুলীচালনা: মুখ্য মন্ত্ৰীৰ তীব্ৰ গৰিহণা, কঠোৰ নিৰ্দেশ; ঘটনাথলীলৈ আৰক্ষী সঞ্চালক প্ৰধান, মন্ত্ৰী

November 1, 2018 10:42 pm · এন ই নাও নিউজ
Updated: November 1, 2018 10:45 pm
সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

তিনিচুকীয়াৰ ধলাত বৃহস্পতিবাৰে সন্ধিয়া হোৱা অপ্ৰৰোচিত গুলীচালনাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ঘটনাস্থলীলৈ যাবলৈ মন্ত্ৰী কেশৱ মহন্ত আৰু তপন গগৈক নিৰ্দেশ দিয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাক জৰুৰীভাৱে গৈ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে নিৰ্দেশ দিছে।

অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ লগতে ৰাজ্যৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সস্তম হৈ থকাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিছে।

লগতে পঢ়ক– তিনিচুকীয়াৰ ধলাত অপ্ৰৰোচিত গুলীবৰ্ষণ, নিহত ৫জন; আলফা (স্বাঃ) জড়িতৰ সন্দেহ

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়েও গুলীচালনাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। আততায়ীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনাইছে গগৈয়ে|

Related News