• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনিচুকীয়াৰ ধলাত অপ্ৰৰোচিত গুলীবৰ্ষণ, নিহত ৫জন; আলফা (স্বাঃ) জড়িতৰ সন্দেহ

মানস প্ৰতিম গগৈ/ অভীক চক্ৰবৰ্তী by মানস প্ৰতিম গগৈ/ অভীক চক্ৰবৰ্তী
November 1, 2018 10:13 pm
dhola massacre

তিনিচুকীয়াৰ ধলা গণহত্যাত নিহতসকলৰ ছবি। নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ শদিয়াৰ ধলা চৈখোৱা খেৰবাৰী ঘাটত বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৯ বজাত অচিনাক্ত বন্দুকধাৰীৰ অপ্ৰৰোচিত গুলীচালনাত ৫ জন লোক ঘটনাস্থলীতে নিহত হৈছে।

ঘটনাটোত নিহত লোককেইজন অনন্ত নমসূদ্ৰ, অবিনাশ নমসূদ্ৰ, সুবল দাস, ধনাই নমসূদ্ৰ আৰু শ্যামল বিশ্বাস। আক্ৰমণটোত আহত লোকৰ সংখ্যা এতিয়াও নিৰ্দিষ্ট কৰিব পৰা হোৱা নাই।

Apply Now

“ধলা আৰক্ষী থানাৰ অন্তৰ্গত খেৰবাৰী গাঁৱৰ এখন ধাবাত চাৰিজন যুৱকে লুডু খেলি আছিল। তেনে সময়তে আলফা (স্বাঃ) বুলি সন্দেহ কৰা মটৰ চাইকেলত অহা বন্দুকধাৰীয়ে লোকসকলৰ ওপৰত চলোৱা গুলীত আটাইকেইজন যুৱকেই মৃত্যু মুখত পৰে,” জনাইছে তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত সোণোৱালে।

আৰক্ষী বিষয়াজনে ৪ জন ব্যক্তি নিহত হোৱা বুলি জনাইছিল যদিও পিছত গুৰুতৰভাৱে আঘাত পোৱা আন এজনৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে ঘটনাটোত আলফা (স্বাঃ) জড়িত থকাৰ সন্দেহ কৰিছে। ঘটনাস্থলীত ইতিমধ্যে সেনা-আৰক্ষীৰ এক বৃহৎ দল গৈ উপস্থিত হৈছে।

আলফা (স্বাঃ)এ এতিয়ালৈকে ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰা নাই। উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত ইতিমধ্যে অঞ্চলটোত অভিযান আৰম্ভ কৰা হৈছে বুলি জানিব পৰা গৈছে। গুলীচালনাৰ ঘটনাটোৱে সমগ্ৰ তিনিচুকীয়া জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে।

তিনিচুকীয়াৰ ধলাত বৃহস্পতিবাৰে সন্ধিয়া অপ্ৰৰোচিত গুলীচালনাৰ ঘটনাৰ সৰ্বাত্মক নিন্দা কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সকলো দল-সংগঠনে।

গুলীচালনাৰ ঘটনাক তীব্ৰ গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ঘটনাস্থলীলৈ যাবলৈ মন্ত্ৰী কেশৱ মহন্ত আৰু তপন গগৈক নিৰ্দেশ দিয়াৰ লগতে আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালাক জৰুৰীভাৱে গৈ পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে নিৰ্দেশ দিছে।

অপৰাধীক কঠোৰ হাতেৰে দমন কৰাৰ লগতে ৰাজ্যৰ সকলো উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক সস্তম হৈ থকাৰ বাবেও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিছে।

অসম সাহিত্য সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কংগ্ৰেছ, এ আই ইউ দি এফ, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, আমছু, সদৌ বি টি চি বেংগলি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া ইতিমধ্যে আমাৰ হাতত আহি পৰিছে।

এনে হত্যালীলাৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট পক্ষক সকীয়নি দি সকলোকে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে সাহিত্য সভাৰ সভাপতি ৰাজবংশীয়ে।

প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰায়ো ঘটনাটোৰ গৰিহণা দিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ঘটনাৰ তীব্ৰ নিন্দা কৰি তৎকালে দোষীক কৰায়ত্ত কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে ঘটনাটোৰ গৰিহণা দিয়াৰ লগতে সকলোকে সংযত হৈ থকাৰ বাবে পূৰ্বৰে পৰা সংগঠনটোৱে জনোৱা আহ্বান পুনৰ দোহাৰে।

আনহাতে নিৰীহৰ প্ৰাণেৰে কোনো সমস্যা সমাধান নহয় বুলি মন্তব্য কৰি এ আই ইউ দি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সকলোকে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে।

বেংগলি যুৱ ছাত্ৰ পৰিষদে ঘটনাৰ দোষীক শাস্তি দিয়াৰ লগতে মৃতকৰ পৰিয়াললৈ ১০ লাখকৈ টকাৰ ক্ষতিপূৰণ দাবী কৰিছে।

মানস প্ৰতিম গগৈ/ অভীক চক্ৰবৰ্তী

মানস প্ৰতিম গগৈ/ অভীক চক্ৰবৰ্তী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

অপেক্ষাৰ অন্ত পৰা নাই ওমৰ খালিদৰ! জামিনৰ শুনানি পিছুৱালে দিল্লী উচ্চ ন্যায়ালয়ে

September 22, 2026 11:46 am
ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

ৰাজধানী দিল্লীত আৰক্ষীৰ পৰিচয় দি কিশোৰীক দলবদ্ধ ধৰ্ষণ! এনকাউণ্টাৰৰ পিছত গ্ৰেপ্তাৰ ১ জন

September 22, 2026 11:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd