NORTHEAST NOW (Assamese)

শূন্য সহনশীলতা! ভেকচিন নোলোৱাকৈ কাৰ্যালয়লৈ অহাৰ বাবে চিএনএনৰ ৩ সংবাদকৰ্মীক বৰ্খাস্ত

August 6, 2021 1:37 pm · এন ই নাও নিউজ

কৰ’না ভাইৰাছৰ ভেকচিন নোলোৱাকৈ সোঁশৰীৰে কাৰ্যালয়লৈ অহা তিনিগৰাকী সংবাদকৰ্মীক বৰ্খাস্ত কৰিছে আমেৰিকাৰ প্ৰসিদ্ধ সংবাদ মাধ্যম চিএনএনে।

যোৱা সপ্তাহত সংবদকৰ্মী কেইগৰাকীক বৰ্খাস্ত কৰা হয়।

আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি, বৃহস্পতিবাৰে চিএনএনৰ কৰ্মচাৰীসকলক পঠোৱা এক আভ্যন্তৰীণ মেম’ৰ পৰা এই তথ্য জানিব পৰা গৈছে।

বাতৰিত কোৱা হৈছে যে বৰ্তমান কৰ’না ভাইৰাছৰ ভেকচিন প্ৰসংগত কৰ্মচাৰীসকলক দিয়া নিৰ্দেশনাত স্পষ্ট কৰি দিয়া হৈছে যে যিসকলে কাৰ্যালয় বা ফিল্ডত সহকৰ্মীসকলৰ সৈতে সোঁশৰীৰে কাম কৰিবলৈ আগ্ৰহী তেওঁলোকে ভেকচিন লোৱাটো বাধ্যতামূলক।

চিএনএনৰ প্ৰেছিডেন্ট জেফ জুকাৰে স্পষ্টি কৰি দি কৈছে, ‘’এই সন্দৰ্ভত (ভেকচিন  গ্ৰহণ) আমি শূন্য সহনশীলতা নীতি গ্ৰহণ কৰিছো।‘’

জাৰি কৰা মেম’ত বাতৰি, ক্ৰীড়া তথা ষ্টুডিঅ’ৰ সৈতে জড়িত সকলোকে ভেকচিন ল’বলৈ কোৱা হৈছে। বিগত কেইবামাহ ধৰি বিষয়টোক লৈ বাৰে বাৰে কৈ থকা হৈছে যাৰ পিছত আৰু কোনো অস্পষ্টতা থকাৰ কথা নাহে বুলিও কোৱা হয়।

Related News