NORTHEAST NOW (Assamese)

বিশ্বনাথত প্ৰচলিত মুদ্ৰা পৰিণত হৈছে অঘোষিত অপ্ৰচলিত মুদ্ৰালৈ

August 11, 2018 12:37 pm · কাজি জেইদুল ইছলাম
Updated: August 11, 2018 12:38 pm

বিশ্বনাথ জিলাত চৰকাৰীভাৱে প্ৰচলিত খুচুৰা মুদ্ৰাকলৈ এইবাৰ সমস্যাৰ সৃষ্টি হৈছে। চৰকাৰীভাৱে প্ৰচলিত দ’ম দ’ম খুচুৰা পইচা এতিয়া ভালুকৰ সাঙীত পৰিণত হৈছে ক্ৰেতা বিক্ৰেতাৰ বাবে। বৰ্তমান পৰিস্থতি এনে হৈছে যে বেংক, ব্যৱসায়ী, গ্ৰাহক সকলোৱে খুচুৰা পইচা বুলি ক’লেই উচপিচাই  উঠে। চৰকাৰী ভাৱে প্ৰচলিত ১ টকীয়া, ২ টকীয়া, ৫ টকীয়া আৰু ১০ টকীয়া মুদ্ৰাৰ এতিয়া মূল্য শূন্য।

বিশ্বনাথত এতিয়া কোনো লোকেই নিবিচাৰে ল’বলৈ এই মুদ্ৰাসমূহ। আশ্চৰ্যজনক কথাটো হৈছে আনকি বিশ্বনাথ চাৰিআলিৰ ষ্টেট বেংক,  ইউক’ বেংক, এক্সিচ বেংককে ধৰি সকলো বেংকতে এনেধৰণৰ মুদ্ৰা জমা লোৱাৰ ক্ষেত্ৰত যেন অঘোষিত নিষেধাজ্ঞা বলবৎ কৰা হৈছে।

‘ডিজিটেল ইণ্ডিয়া’ৰ কথা কোৱা চৰকাৰখনে দৰিদ্ৰ ৰাইজৰ হাতত থকা এনে মুদ্ৰা বন্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰো অভিযোগ উত্থাপন হৈছে। বহুজনে আনকি আপদ বিপদৰ কাৰণে সঞ্চয় কৰা এনে মুদ্ৰাক লৈ বিপাঙত পৰা পৰিলক্ষিত হৈছে ।

আশ্চৰ্যকৰ বিষয় এই যে বহু সৰু-সৰা ব্যৱসায়ীয়ে দোকানত মৰ্টনৰ সলনি বৈয়ামত সজাই ৰাখিছে অচল হ’বলৈ ধৰা প্ৰচলিত মুদ্ৰাবোৰ । খুচুৰা মুদ্ৰাৰ বাবেই এতিয়া তামোল আৰু মৰ্টন বিক্ৰী কৰিবলৈ এৰি দিছে একাংশ পাণ দোকানীয়ে । খুচুৰা মুদ্ৰা সমুহ অচল হ’বলৈ ধৰা ঘটনাৰ বাবে বিশ্বনাথবাসী ৰাইজৰ এতিয়া চিন্তাৰ বিষয় হৈ পৰিছে। এতিয়া এই খুচুৰা মুদ্ৰাৰে আমি কি কৰিব আৰু এয়া মোডী চৰকাৰৰ পৰোক্ষ বিমুদ্ৰাকৰণ নেকি তাকে লৈ বিশ্বনাথবাসীৰ প্ৰশ্নৰ উদয় হৈছে।

Related News