NORTHEAST NOW (Assamese)

বানৰ ফলত ধুবুৰীত কলেজৰ ক্লাছৰূম হ’ল জে’লৰ কোঠা; সুযোগ বুজি পলায়ন কয়দীৰ

July 18, 2019 10:23 am · এন ই নাও নিউজ
Updated: July 18, 2019 10:28 am
প্ৰতিনিধিত্বমূলক ছবি

ৰাজ্যৰ চাৰিওফালে এতিয়া বানৰ তাণ্ডৱ। বানৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনসাধাৰণে ভুগিছে চৰম দুৰ্গতি। ইফালে বান পৰিস্থিতিৰ পূৰ্ণ সুযুগ গ্ৰহণ কৰি ধুবুৰী জিলা কাৰাগাৰৰ এগৰাকী কয়দীয়ে পলায়ন কৰা এক ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত বানপানী সোমাই অহাৰ বাবে যোৱা ১৫ জুলাইৰ নিশাৰ পৰা ধুবুৰী ছোৱালী মহাবিদ্যালয়ত কাৰাগাৰৰ ৪০৯ গৰাকীক কয়দীক ৰখাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ মাজতে হাফিজুৰ ৰহমান নামৰ এগৰাকী ২৮ বছৰীয়া কয়দীয়ে বুধবাৰে পুৱতি নিশা সুযোগ বুজি  খিৰিকীৰ গ্ৰীল ভাঙি পলায়ন কৰা ঘটনাই সপ্ৰতি বেছ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাফিজুৰ ধৰ্ষণত অভিযুক্ত হৈ বিচাৰাধীন হৈ আছিল।

কয়দী গৰাকীক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বাতৰি বাতৰি লিখা পৰ্যন্ত তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱো নাই। ধুবুৰীৰ ২ নং চাগলচাৰা গাঁৱৰ বাসিন্দা হাফিজুৰক ২০১৮ চনত ধৰ্ষণৰ এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

অঞ্চলটোত বিদ্যুতৰ অভাৱৰ বাবে আৰক্ষী লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি উল্লেখ কৰি অসম আৰক্ষীৰ (পশ্চিম ৰেঞ্জৰ) উপ মহা পৰিদৰ্শক ৰৌনাক আলী হাজৰিকাই কয়, ‘আমি কয়দী গৰাকী কিদৰে পলাবলৈ সক্ষম হ’ল তাৰ তদন্ত কৰিবলৈ এক ছৌ মোটু গোচৰ ৰুজু কৰিছে। তেওঁক ধৰাৰ বাবে অভিযান আৰম্ভ কৰা হৈছে।‘

তেওঁ লগতে কয় যে বান পৰিস্থিতি সুস্থিৰ অৱস্থালৈ ঘূৰি আহিব লাগে আৰু সোনকালেই সকলো কয়দীকে কাৰাগাৰলৈ ওভতাই নিব পৰা যাব।

Related News