NORTHEAST NOW (Assamese)
অসম

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী June 8, 2025 12:19 pm

দক্ষিণ আমেৰিকাৰ কলম্বিয়াত বন্দুকধাৰীৰ আক্ৰমণৰ ঘটনা। জনবহুল সভাত  ৰাষ্ট্ৰপতি পদৰ এগৰাকী প্ৰাৰ্থীৰ ওপৰত উপৰ্যুপৰি গুলী চলায় দুৰ্বৃত্তই। তেওঁ বৰ্তমান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ইতিমধ্যে এই ঘটনাত এজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

খবৰ অনুসৰি শনিবাৰে বগোটাৰ এখন উদ্যানত ৩৯ বছৰীয়া ডেম’ক্ৰেটিক চেণ্টাৰ পাৰ্টিৰ নেতা মিগেল উৰিবে এক সমাৱেশ অনুষ্ঠিত কৰিছিল। তাত বৃহৎ জনসমাগম হৈছিল। সেই মুহূৰ্ততে এজন দুৰ্বৃত্তই তেওঁলৈ লক্ষ্য কৰি গুলীচালনা কৰে। তেজেৰে লুতুৰি-পুতুৰি হৈ মিগেল মঞ্চতে বাগৰি পৰি যায়। ততাতয়াকৈ তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ হাস্পাতালত চিকিৎসাধীন হৈ আছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি তেওঁৰ অৱস্থা সংকটজনক। মিগেলে ডিঙি আৰু মূৰত গুৰুতৰভাৱে আঘাত পাইছে। ২০২৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত মিগেল প্ৰাৰ্থী আছিল। ৰাজনৈতিক শত্ৰুতাৰ বাবেই তেওঁক আক্ৰমণ কৰা বুলি তদন্তকাৰীয়ে সন্দেহ প্ৰকাশ কৰিছে। ঘটনাৰ কেইঘণ্টামান পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এজন কিশোৰক।

কলম্বিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী পেড্ৰ’ ছানচেজে কয় যে এই ঘটনাৰ সৈতে জড়িত এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান তেওঁক জিম্মাত জেৰা কৰি আছে। এই ঘটনাৰ লগত আন কোনো লোক জড়িত আছে নে নাই তাৰো তদন্ত অব্যাহত আছে।

এই সন্দৰ্ভত কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয়, “এই আক্ৰমণ কেৱল এজন ব্যক্তিৰ বিৰুদ্ধে আক্ৰমণ নহয়, কলম্বিয়াত গণতন্ত্ৰ, মুক্ত চিন্তা আৰু বৈধ ৰাজনীতিৰ অনুশীলনৰ বিৰুদ্ধেও আক্ৰমণ। আমি ইয়াক তীব্ৰ গৰিহণা দিছো। এই ঘটনাৰ বিতং তদন্ত কৰা হ’ব।”