NORTHEAST NOW (Assamese)

চাৰ্জিলৰ মুখেৰে আবেগত ওলাইছিল অসমক দেশৰ পৰা বিচ্ছিন্ন কৰাৰ কথা

January 30, 2020 11:41 am · এন ই নাও নিউজ
Updated: January 30, 2020 11:42 am

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ চাৰ্জিল ইমামৰ স্বীকাৰোক্তিয়ে সৃষ্টি কৰিছে চাঞ্চল্যৰ।

দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ এটা দলে চলাই থকা জেৰাত চাৰ্জিলে চাহিনবাগৰ ‘কা’ বিৰোধী প্ৰতিবাদস্থলীত দিয়া বিতৰ্কিত ভাষণৰ ভিডিঅ’টোত কোৱা কথাখিনি তেওঁৰ বুলি স্বীকাৰ কৰিছে।

ভিডিঅ’টোৰ সৈতে কোনো ধৰণৰ গোলমাল কৰা হোৱা নাই বুলিও তেওঁ কয়।

ইয়াৰ উপৰি চাৰ্জিলে কয়, ‘ভাইৰেল হোৱা ভিডিঅ’টো সম্পূৰ্ণ নহয়। এঘণ্টাৰো অধিক সময় ভাষণ দিছিলো। ভাষণৰ সময়ত যথেষ্ট আবেগিক হৈয়ে অসমক দেশৰ পৰা বিচ্ছিন্ন কৰি দিব লাগে বুলি মন্তব্য কৰিছিলো’।

বিপৰীতে, চাৰ্জিলে সম্পূৰ্ণ ৰণনীতিৰ সহায়ত ভাষণটো প্ৰদান কৰা বুলি জেৰা চলাই থকা ক্ৰাইম ব্ৰাঞ্চ আৰু বিশেষ গোটৰ বিষয়াসকলে ধাৰণা কৰিছে।

চাৰ্জিলে ২৫ জানুৱাৰিত বিহাৰৰ ফুলবাৰী চৰিফত কা-এন আৰ চিৰ বিৰোধিতাৰে চলি থকা ধৰ্ণাত ভাষণ দিবলৈ গৈছিল আৰু ভাষণ দি থকাৰ সময়তে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ কথা জানিব পাৰিছিল বুলিও উল্লেখ কৰে।

গোচৰ ৰুজু হোৱাৰ পিছৰে পৰা তেওঁ লুকুৱাই আছিল।

২৫ জানুৱাৰিৰ পৰা লুকুৱাই থকা ইমামক দিল্লী আৰক্ষীৰ দলে ২৮ জানুৱাৰিৰ দুপৰীয়া প্ৰায় ৩ মান বজাত বিহাৰৰ জাহানাবাদৰ পৰা গ্ৰেপ্তাৰ কৰে।

উল্লেখযোগ্য যে চাহিনবাগৰ প্ৰতিবাদস্থলীত ভাষণ দি থাকোতে চাৰ্জিলে ‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি দিয়াটো আমাৰ দায়িত্ব। এইয়া হ’লেহে চৰকাৰে আমাৰ কথা শুনিব’ বুলি এক মন্তব্য কৰিছিল।

এই উচটনি আৰু বিতৰ্কিত বক্তব্যৰ বাবে চাৰ্জিল ইমামৰ বিৰুদ্ধে ইতিমধ্যে অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়েও নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল।

Related News