NORTHEAST NOW (Assamese)
অসম

নিহত এজন, সাম্প্ৰদায়িক সংঘৰ্ষত উত্তপ্ত হাইলাকান্দিলৈ ঢাপলি মন্ত্ৰী-শীৰ্ষ বিষয়াৰ

Posted by: অপৰ্ণা লস্কৰ Updated by: অপৰ্ণা লস্কৰ May 10, 2019 9:32 pm
Communal clash in Assam's Hailakandi kills one, minister, top bureaucrats rush to spot

হাইলাকান্দিৰ শুকুৰবাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই জাছিম হুছেইন নামৰ এজনৰ প্ৰাণ লৈছে। উত্তেজনাই বিৰাজ কৰা বৰাকৰ চহৰখনলৈ মুখ্য মন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে ঢাপলি মেলিছে বন মন্ত্ৰী পৰিমল শূক্লবৈদ্যকে ধৰি শীৰ্ষ আৰক্ষী আৰু আমোলা।

দুপৰীয়া ১ বজাৰ পৰা সান্ধ্য আইনৰ কবলত থকা চহৰখনৰ পৰিস্থিতি তদাৰক আৰু বুজ ল’বলৈ শুক্লবৈদ্যৰ লগতে দায়িত্ব দিয়া হৈছে অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা আৰু বৰাক উপত্যকাৰ আয়ুক্ত আনোৱাৰুদ্দিন চৌধুৰীক।

ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰাক সৰ্বানন্দ সোণোৱালে ঘটনাটোৰ তদন্ত কৰি শীঘ্ৰে চৰকাৰক প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ দিছে, মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ বিবৃতিত প্ৰকাশ।

শেহতীয়া খবৰ মতে, ঘটনাটোত আৰক্ষীৰ গুলীত আহত হুছেইনে শিলচৰ মে’দিকেল কলেজ চিকিৎসালয়ত প্ৰাণ হেৰুওৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে আন ন জন।

লগতে পঢ়ক– নামাজক লৈ উত্তপ্ত হাইলাকান্দিত সান্ধ্য আইন ।।Video।।

নামাজক লৈ দুই ফৈদৰ কাজিয়াই শুক্ৰবাৰে দুপৰীয়া উত্তপ্ত কৰি তুলিছিল হাইলাকান্দি চহৰ।

সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে যোৱা আৰক্ষীৰ গুলীত এজন লোক নিহত হৈছে। মুখামুখি সংঘৰ্ষত প্ৰায় ১৫ গৰাকী ব্যক্তি আহত হৈছে। আহতৰ মাজত আছে আৰক্ষী জোৱানো।

সংঘৰ্ষকাৰীয়ে চহৰখনৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতি কৰাৰ লগতে জ্বলাই দিয়া হৈছে বহুকেইখন বাহন আৰু ই ৰিক্সা।

জানিব পৰা মতে এচ এচ ৰ’দস্থিত মছজিদৰ ভক্তসকলে শুকুৰবাৰে পথৰ ওপৰতে নামাজ পঢ়াৰ সিদ্ধান্ত লোৱাৰ পিছতে সূত্ৰপাত হয় সংঘৰ্ষটোৰ।

অভিযোগ মতে, যোৱা শনিবাৰে হাইলাকান্দিৰ উক্ত মছজিদৰ সম্মুখত ৰখাই থোৱা কেইবাখনো বাইকৰ ছিট কাটি গৈছিল একাংশ দুৰ্বৃত্তই। ঘটনাটোৰ প্ৰতিবাদত মছজিদৰ ভক্তসকলে ৰাজপথ বন্ধ কৰি নামাজ পঢ়াৰ সিদ্ধান্ত লৈছিল।

স্থানীয় আন এটা ফৈদে তেওঁলোকক বাধা দিয়াত দুয়ো পক্ষই শিলগুটিৰে আক্ৰমণ-প্ৰত্যাক্ৰমণত লিপ্ত হয়।