NORTHEAST NOW (Assamese)
অসম

“প্ৰতিটো নিৰ্বাচনৰ আগত মিত্ৰতাৰ নামত কোটি টকাৰ বেপাৰ কৰে অগপৰ নেতৃত্বই”

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 10, 2019 10:21 pm
Horesh Bhuyan

অগপ নেতৃত্বৰ বিৰুদ্ধে বিষোদগাৰ অব্যাহত আছে ইজনৰ পিছত সিজন সতীৰ্থৰ। বিজেপিৰ সৈতে মিত্ৰতাৰ নামত দলক ব্যৱহাৰ কৰি নেতৃত্বই কোটি টকাৰ বেপাৰ কৰা বুলি এইবাৰ অভিযোগ দলটোৰ এজন বহিষ্কৃত প্ৰাক্তন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য হৰেশ ভূঞাৰ।

ভূঞা বিজেপিৰে মিত্ৰতাৰ বিৰোধিতাত যোৰহাটৰ অগপৰ কাৰ্য্যালয়ত যোৱা ১৫ মাৰ্চত তৃণমূল কৰ্মীৰ সৈতে প্ৰতিবাদত অংশগ্ৰহণ কৰা বাবে দলৰ পৰা বহিষ্কৃত হৈছিল।

আজি গুৱাহাটী প্ৰে’ছ ক্লাবত দলটোৰ প্ৰাক্তন প্ৰে’ছ উপদেষ্টা হেমেন বৰাৰ সৈতে যুটীয়া সংবাদমেল সম্বোধন কৰি দলটোৰ শীৰ্ষ নেতা, বিশেষকৈ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তৰ বিৰুদ্ধে বহুকেইটা গুৰুতৰ অভিযোগ আনে।

“অতুল বৰা, কেশৱ মহন্ত, কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ফণীভূষণ চৌধুৰী, এই আটাইবিলাক মিলি এই দলটোত থাকি বেপাৰ কৰি আছে। তেওঁলোকে প্ৰত্যেকটো নিৰ্বাচনত কোটি কোটি টকাৰ বেপাৰ কৰে, প্ৰত্যেকটো মিত্ৰতাৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰে আৰু এই সংগ্ৰহেৰে তেওঁলোকে নিজৰ জীৱিকা চলাই আছে”, সংবাদমেলত মুকলি অভিযোগ ভূঞাৰ।

ইপিনে, দলৰ পৰা তেওঁ কিহৰ কাৰণে বহিষ্কৃত হ’ব লগীয়া হৈছিল সেই কথাও বাখ্যা কৰে ভূঞাই।

“যোৱা ২০ ফেব্ৰুৱাৰিৰ কাৰ্য্যনিৰ্বাহকত যথেষ্ট যুদ্ধ কৰিব লগীয়া হৈছিল। উক্ত দিনা তেওঁলোকলৈ আঙুলি দেখুৱাই সন্মুখৰ পৰা কৈছিলো যে আপোনালোক দুয়োজন বিজেপিলৈ যাওক আৰু নতুন প্ৰজন্মৰ বাবে এই দলটো এৰি দিয়ক। তেতিয়াই মোক বহিষ্কাৰ কৰাৰ বাবে তেওঁলোকৰ ইচ্ছা হৈছিল, কিন্তু উক্ত দিনটোত বহিষ্কাৰ কৰাৰ উপায় নাছিল”, ভূঞাই কয়।

যোৱা ১৫ মাৰ্চত যোৰহাটৰ দলীয় কাৰ্য্যালয়ত হোৱা প্ৰতিবাদ আৰু অতুল বৰা আৰু কেশৱ মহন্তৰ বেনাৰ, পোষ্টাৰ জ্বলোৱা ঘটনা সন্দৰ্ভত কয়, “যোৰহাটৰ অগপ কাৰ্য্যালয়ত প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ বাবে নিমন্ত্ৰণ জনোৱাত মই গৈছিলো। উপস্থিত প্ৰতিবাদী যুৱকসকল উগ্ৰ হৈ পৰিছিল, তেওঁলোকক ধৰি ৰাখিব পৰা নাছিলো, যুৱকসকলে অগপ নেতৃত্বৰ প্ৰতিচ্ছবি, হৰ্ডিং তললৈ নমাই জ্বলাই দিছিল”।

এই প্ৰতিবাদৰ পিছদিনাই দলটোৰ নেতৃত্বই কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য বীৰেন শৰ্মা আৰু প্ৰণৱ গোস্বামীৰ লগতে তেওঁক বহিষ্কাৰ কৰা হয় বুলি ভূঞাই জানিবলৈ দিয়ে।

“অসম গণ পৰিষদত বেপাৰ চলাই থকা মানুহকেইজনক দলৰ পৰা খেদা হওক”, সকলোলৈকে আহ্বান ভূঞাৰ।