NORTHEAST NOW (Assamese)
অসম

টীয়কৰ পিড়াকটাত মধ্য যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ দ্বি-বিংশতম দ্বি-বাৰ্ষিক অধিৱেশন আৰম্ভ

Posted by: নিৰ্মলেন্দু পাঠক, টীয়ক Updated by: নিৰ্মলেন্দু পাঠক, টীয়ক December 24, 2021 6:24 pm

মধ্য যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ দ্বি বিংশতম দ্বি- বাৰ্ষিক শিশু সমাৰোহ আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে টীয়কৰ পিড়াকটা আঞ্চলিক সাংস্কৃতিক কেন্দ্ৰৰ প্ৰাংগণত অনুস্থিত হৈছে।

পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণকে ধৰি বিভিন্ন কাৰ্যসূচী সমাপন হোৱাৰ পাছত আঞ্চলিকৰ অন্তৰ্গত মইনা পাৰিজাতৰ শিশুসকলৰ মাজত মাৰ্চ পাষ্ট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

তাৰ পাছতে কাৰ্যসূচী অনুসৰি স্মৃতি গ্ৰন্থ উন্মোচন কৰা হয়।

উক্ত উন্মোচনী সভাত কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক তথা বিশিষ্ট সমালোচক ড° অনিল শইকীয়া উপস্থিত থাকি উদযাপন সমিতিয়ে প্ৰস্তুত কৰা থুপাকলি আৰু মধ্য যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ অধীনত প্ৰস্তুত হোৱা মুখপত্ৰ শিশু জ্যোতিৰ শুভ উন্মোচন কৰে।

উক্ত উন্মোচনী অনুষ্ঠানত টীয়কৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে আজিৰ লগতে অহা দুটা দিনত শিশুসকলৰ মানসিক তথা বৌদ্ধিক বিকাশৰ অৰ্থে বিভিন্ন ক্ৰীড়া, সাহিত্য তথা সাংস্কৃতিক প্ৰতিযোগিতাও অনুস্থিত কৰা হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে লগতে উক্ত তিনিও দিনৰ কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰিছে।