NORTHEAST NOW (Assamese)

প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত ৩৭খন আসন পোৱাৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ

March 29, 2021 1:02 pm · জাহ্নৱী বৰুৱা
Updated: March 29, 2021 2:38 pm
ফটো: নৰ্থইষ্ট নাও।

অসম বিধানসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত কংগ্ৰেছে ৩৭খন আসন পোৱাৰ দাবী কৰিছে দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৌৰৱ বল্লভে।

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই গৌৰৱ বল্লভৰ দাবীৰ সৈতে একমত পোষণ কৰি কংগ্ৰেছে ৩০+ পাবই বুলি দোহাৰে।

সোমবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এখন সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই বিজেপিক প্ৰশ্ন কৰে “কি পৰিস্থিতিত তেওঁলোকে বিজ্ঞাপন দি নিজৰ জয় হোৱা বুলি ক’বলগীয়া হৈছে?”

“ভোটদানৰ হাৰ ৮০% লৈ বৃদ্ধি পোৱাৰ বাবে অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। সেইবাবে বিজেপিয়ে প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ ভয়ত আৰু নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবেই এনে ধৰণৰ বিজ্ঞাপনৰ সহায় লবলগীয়া হৈছে,”-ৰিপুন বৰাই কয়।

অসমবাসী ৰাইজলৈ ধন্যবাদৰ লগতে আশ্বাস দি কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে কয়, ”এইবাৰ অসমবাসী ৰাইজে বিজেপিৰ ভুৱা বিজ্ঞাপন আৰু প্ৰলোভনত ভোল নাযায় আৰু এইবাৰ ৫ গেৰাণ্টিৰ সৈতে কংগ্ৰেছৰ চৰকাৰ আহিব,’’।

Related News