NORTHEAST NOW (Assamese)

কুইন ওজাৰ কন্যাৰ তাৎক্ষণিক বদলি দাবী কংগ্ৰেছৰ

April 30, 2019 8:53 pm · এন ই নাও নিউজ
Updated: April 30, 2019 9:40 pm
কুইন ওজাৰ ফাইল ছবি।

দেশৰ চলিত সাধাৰণ নিৰ্বাচনত শাসকীয় বিজেপিৰ গুৱাহাটী লোকসভা সমষ্টি প্ৰাৰ্থী কুইন ওজাৰ জীয়াৰী ময়ূৰী ওজাৰ বদলিৰ দাবী জনাইছে কংগ্ৰেছে।

ওজা কামৰূপ (গ্ৰাম্য) জিলাৰ অতিৰিক্ত উপায়ুক্ত। গুৱাহাটী লোকসভা সমষ্টিৰ কেইবাটাও বিধানসভাৰ ই ভি এম আমিনগাওঁস্থিত উপায়ুক্ত কাৰ্য্যালয়ৰ স্ত্ৰং ৰুমতে জমা ৰখা হৈছে।

“ময়ূৰী ওজাৰ মাক কুইন ওজা ৭নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী। ই ভাৰতৰ নিৰ্বাচনী আয়োগৰ আদৰ্শ আচৰণবিধিৰ পূৰ্ণ উলংঘন,” মঙলবাৰে নতুন দিল্লীত নিৰ্বাচন আয়োগক সাক্ষাৎ কৰাৰ পিছতে সাংবাদিকৰ আগত মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাৰ।

কংগ্ৰেছে ময়ূৰী ওজাৰ লগতে কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্যৰো তাৎক্ষণিক বদলি দাবী কৰিছে।

“এই দুই বিষয়াৰ বদলিকৰণ অবিহনে নিৰপেক্ষ ভোটগণনা অসম্ভৱ,” মন্তব্য বৰাৰ।

যোৱা ২৮ এপ্ৰিলৰ নিশা কেইবা ত্ৰাকো “অব্যৱহৃত” ই ভি এম গুৱাহাটীৰ আমিনগাঁৱস্থিত এটা গুদামত জমা কৰা ঘটনাত কংগ্ৰেছে সন্দেহ প্ৰকাশ কৰিছে।

“তথাকথিত অব্যৱহৃত ই ভি এমসমূহ জমা কৰাৰ নামত কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ সমগ্ৰ কাৰ্য্যকলাপে ই ভি এমসমূহত গণ্ডগোল কৰাৰ এক গভীৰ শংকাৰ সৃষ্টি কৰিছে,” বৰাৰ মত।

কংগ্ৰেছে দাখিল কৰা স্মাৰকপত্ৰ গ্ৰহণ কৰি অসমলৈ এই সন্দৰ্ভত তদন্ত কৰাৰ বাবে নিৰ্বাচন আয়োগে বুধবাৰে এক দল প্ৰেৰণ কৰিব বুলিও বৰাই সদৰী কৰিছে।

“তথাকথিত অব্যৱহৃত ই ভি এমসমূহ জমা কৰাৰ নামত কামৰূপ (গ্ৰাম্য) জিলাৰ উপায়ুক্তৰ সমগ্ৰ কাৰ্য্যকলাপে ই ভি এমসমূহত গণ্ডগোল কৰাৰ এক গভীৰ শংকাৰ সৃষ্টি কৰিছে,” বৰাৰ মত।

Related News