NORTHEAST NOW (Assamese)

বটদ্ৰৱাৰ ঘটনাৰ বুজ ল’বলৈ কমিটী গঠন কৰিলে কংগ্ৰেছে

May 22, 2022 4:11 pm · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: May 22, 2022 4:12 pm

কংগ্ৰেছৰ দখলত থকা বটদ্ৰৱা সমষ্টিত কালি একাংশ উত্তেজিত লোকে থানা জ্বলাই দিয়াৰ ঘটনাই সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এনে সময়তে বটদ্ৰৱাৰ সমগ্ৰ ঘটনাৰ সবিশেষ বুজ লৈ ৪৮ ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি শ্ৰভূপেন কুমাৰ বৰাই এখন বিশেষ কমিটী গঠন কৰি দিছে।

উক্ত সমিতিৰ সদস্যসকলৰ ভিতৰত বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছ বিধায়িকা শিৱামণি বৰাও আছে।

শিৱামণি বৰাই কালি বটদ্ৰৱা থানা আক্ৰমণ কৰাৰ ঘটনাক কঠোৰ ভাবে গৰিহণা দিয়াৰ লগতে দোষীক শাস্তি প্ৰদান কৰিব লাগে বুলি কৈছিল।

লগতে তেওঁ আৰক্ষীৰ জিম্মাত মৃত্যু ঘটা ছফিকুলৰ মৃত্যুৰ তদন্তও দাবী কৰিছিল।

Related News