NORTHEAST NOW (Assamese)
অসম

৩০ বছৰ কংগ্ৰেছ কৰি যোৱা হিমন্ত বিশ্ব শৰ্মাই CAA কেতিয়াও মানি নলয়: মীৰা বৰঠাকুৰ

Posted by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী Updated by: কল্পজ্যোতি শইকীয়া, গুৱাহাটী November 11, 2021 8:33 pm
kkk-2

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি টাইমছ নাওৰ এক সাক্ষাৎকাৰত কা মানি লৈছো বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰি মীৰা বৰঠাকুৰৰ মন্তব্য ‘৩০ বছৰ ধৰ্ম নিৰপেক্ষ কংগ্ৰেছ কৰি যোৱা হিমন্ত বিশ্ব শৰ্মাই কা কেতিয়াও মানি নলয়। RSS ক সন্তুষ্ট কৰিবলৈ তেওঁ তেনেকৈ ক’ব পাৰে।‘

হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাবোৰ কেতিয়াও ৰূপায়ণ নহয় তথা তাৰ ওলোটাটোহে কৰে বুলি উল্লেখ কৰি বৰঠাকুৰে কয়, ‘মাইক্ৰ’ফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে মাফ হ’ল নেকি? গৰুখুঁটিৰ উচ্ছেদিতক ৬ বিঘা মাটি, পকীঘৰ, বিদ্যুৎ সংযোগ দিম বুলি কৈছিল সেয়া হৈ উঠিল নে?’

বৰঠাকুৰৰ মতে ‘হিমন্ত বিশ্ব শৰ্মাই সাপ হৈ খুঁটে বেজ হৈ জাৰে।‘

ইপিনে, কা কোনো কাৰণতে অসমত বলবৎ হ’বলৈ দিয়া নহ’ব বুলি দাবী কৰি বৰঠাকুৰে কয়, ‘হিন্দু-মুছলমান সকলো যিদৰে ধৰ্মীয় সমিল-মিলৰে আছিল সেইদৰে থাকিব। কাৰ নামত আৰু হিন্দুৰ নামত ভণ্ডামি বন্ধ কৰা উচিত। হিন্দু সভ্যতা ইমান সংকীৰ্ণ সভ্যতা নাছিল। এওঁলোকৰ হাতত হিন্দু সভ্যতা সংস্কৃতি ভু-লুন্ঠিত হ’ল।‘

ইপিনে, ‘আমি নৰেন্দ্ৰ মোদীৰ দৰে ভুৱা চকীদাৰ নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘আমি প্ৰকৃতাৰ্থত কা বিৰোধ কৰি বলবৎ হ’বলৈ নিদিওঁ। সঁচা অৰ্থত আমি সষ্টম হৈ থাকিম।‘

তেওঁ লগতে হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি কয়, ‘লাখ লাখ হিন্দু অসমত অসুৰক্ষিত হৈ আছে। নিৱনুৱা যুৱকক সংস্থাপন দিব পৰা নাই, হিন্দু নাৰী সুৰক্ষিত নহয়। সংবিধান, ভাৰতবৰ্ষৰ অখণ্ডতা, ধৰ্ম নিৰপেক্ষতাৰ নামত শপত লৈ কেনেকৈ টাইমছ নাওৰ চাম্মিটত ক’ব পাৰিলে যে তেওঁ কা সমৰ্থন কৰে।‘