NORTHEAST NOW (Assamese)

ৰাহুলে প্ৰকাশ কৰিলে মোদী চৰকাৰৰ ৰিপ’ৰ্ট কাৰ্ড; ‘দেশ ক’ৰ’নাৰ মৃত্যুৰ হাৰত সকলোৰে ওপৰত, GDPৰ হাৰত সকলোৰে তলত’

November 19, 2020 1:02 pm · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছ আৰু দেশৰ অৰ্থনৈতিক দুৰৱস্থাক লৈ সদাসৰৱ ৰাহুল গান্ধীয়ে আজি পুনৰ এবাৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰা দেখা গৈছে।

কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে দাবী কৰে যে ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ সৈতে সম্পৰ্কিত মৃত্যুৰ ক্ষেত্ৰত ভাৰত এছিয়াৰ দেশসমূহৰ তুলনাত শীৰ্ষত আৰু বিকাশৰ হাৰৰ ক্ষেত্ৰত পিছ পৰি আছে।

তেওঁ প্ৰথিতযশা অৰ্থনীতিবিদ কৌশিক বসুৰ দ্বাৰা সংগৃহীত তথ্য প্ৰকাশ কৰি টুইটত লিখিলে, ‘মোদী চৰকাৰৰ ৰিপ’ৰ্ট কাৰ্ড : ক’ৰ’নাৰ মৃত্যুৰ হাৰত সকলোৰে ওপৰত, জিডিপিৰ হাৰত সকলোৰে তলত’।

কংগ্ৰেছ নেতাজনে শ্বেয়াৰ কৰা তথ্য অনুসৰি চীন, বাংলাদেশ, ইণ্ডোনেছিয়া, পাকিস্তান আৰু আন বহুতো এছিয়াৰ দেশৰ তুলনাত ভাৰতত ক’ৰ’না ভাইৰাছৰ কাৰণে প্ৰতি ১০ লাখ জনসংখ্যাত মৃত্যু হোৱা সংখ্যা অধিক।

ইয়াৰ উপৰি ৰাহুল গান্ধীয়ে টুইটযোগে প্ৰকাশ কৰা তথ্যত স্পষ্ট ৰূপত দেখুওৱা হৈছে যে এই দেশসমূহৰ জিডিপিৰ তুলনাত ভাৰতৰ জিডিপিৰ শোচনীয় অৱস্থা।

Related News