NORTHEAST NOW (Assamese)

মাৰ্ঘেৰিটাৰ বৰগোলাইত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় ভাঙি লণ্ডভণ্ড

November 28, 2018 1:06 pm · মানস প্ৰতিম গগৈ

ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণলৈ মাত্ৰ এক সপ্তাহ বাকী থকা অৱস্থাত আজি ১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰগোলাইত সংঘটিত হৈছে নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা।

গাওঁ পঞ্চায়তৰ  নিৰ্বাচনী কাম- কাজ পৰিচালনাৰ বাবে কংগ্ৰেছ দলে বৰগোলাই বজাৰৰ মাজমজিয়াত এই অস্থায়ী কাৰ্য্যালয়টো স্থাপন কৰিছিল।

ৰাতিৰ আন্ধাৰ আৰু কোনো নথকা অৱস্থাৰ সুযোগ লৈ অচিনাক্ত  দুষ্কৃতিকাৰীয়ে এই নিৰ্বাচনী কাৰ্য্যালয়টো লণ্ডভণ্ড কৰি থৈ যায়। কংগ্ৰেছকৰ্মীসকলে পুৱা কাৰ্য্যালয়টো সম্পূৰ্ণৰূপে বিধ্বস্ত অৱস্থাত দেখা পায়। বেনাৰ-পোষ্টাৰবোৰো ফলা আৰু মাটিত পেলাই থোৱা অৱস্থাত আছিল বুলি জানিবলৈ দিয়ে। ঘটনাটোতে অঞ্চলটোত মৃদু চাঞ্চল্যৰ সৃষ্টি কৰিছে।

আনহাতে কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে এই কাৰ্য্যৰ আঁৰত বিৰোধী ৰাজনৈতিক দলৰ হাত থকাৰ সন্দেহ ব্যক্ত কৰিছে। ইতিমধ্যে কংগ্ৰেছ কৰ্মকৰ্তাই এই সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিলৰ প্ৰস্তুতি চলাইছে। নৰ্থ-ইষ্ট নাওক জনোৱা মতে, তেওঁলোকে নিৰ্বাচনী বিষয়াৰ ওচৰতো এই সন্দৰ্ভত অভিযোগ দাখিল কৰিব।

আজি মাৰ্ঘেৰিটাত মুখ্য মন্ত্ৰীৰ প্ৰচাৰ

আজি পঞ্চায়ত নিৰ্বাচনীৰ প্ৰচাৰৰ বাবে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাৰ্ঘেৰিটাত উপস্থিত হৈছেহি। বৰগোলাই ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য মন্ত্ৰী সোণোৱালে ভাষণ দিয়াৰ কখা।

Related News