NORTHEAST NOW (Assamese)
Popular Stories

অৰ্ণৱক গ্ৰেপ্তাৰ কৰাক লৈ বিজেপিৰ মন্ত্ৰী-নেতাই দেখুওৱা ক্ষোভ লজ্জাজনক : কংগ্ৰেছ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 4, 2020 12:50 pm

সাংবাদিক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তৰ বিজেপি নেতাসকলে এই ঘটনাক গৰিহণা দিয়াৰ লগতে মহাৰাষ্ট্ৰ চৰকাৰক সমালোচনা কৰা প্ৰসংগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কংগ্ৰেছ দলে।

কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনেতে কংগ্ৰেছৰ হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে গোস্বামীৰ গ্ৰেপ্তাৰৰ পিছৰে পৰা বিজেপি নেতাসকলে যিদৰে আক্ৰোশ আৰু খং দেখুৱাইছে সেয়া অত্যন্ত লজ্জাজনক।

তেওঁৰ গ্ৰেপ্তাৰৰ ঘটনাটো আইনে সুবিচাৰ কৰিব বুলিও তেওঁ মন্তব্য কৰে।

“মই আচৰিত যে চৰকাৰৰ ওপৰত বহি থকা লোকসকলৰ ক্ষোভ অতি নিৰ্বাচিত। যেতিয়া উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত নিমখ আৰু ৰুটি খোৱা লোকসকলৰ বাতৰি প্ৰকাশ কৰাৰ বাবে এজন সাংবাদিকক মাহৰ বাবে জেলত ৰখা হয়, যেতিয়া দেশদ্ৰোহৰ অভিযোগত সাংবাদিকক গ্ৰেপ্তাৰ কৰা হয় তেতিয়া তেওঁলোকে এই আক্ৰোশ কিয় নেদেখুৱায়?’, এইদৰে প্ৰশ্ন কৰে সুপ্ৰিয়াই।

তেওঁ লগতে কয়, ‘আমি আজি যিগৰাকী সাংবাদিকৰ কথা আলোচনা কৰি আছো তেওঁ সাংবাদিকতাক উপমা কৰিছে। তেওঁ বিজেপিৰ হৈ কাম কৰি আছে’।

তেওঁ লগতে কয় যে কংগ্ৰেছ শাসিত ৰাজ্যত কাৰো সৈতে কোনো ধৰণৰ অন্যায় নহ’ব আৰু আইনে ইয়াৰ কাম কৰিব।

উল্লেখ্য যে মুম্বাই আৰক্ষীয়ে এগৰাকী ৫৩ বছৰীয়া ইণ্টেৰিয়ৰ ডিজাইনাৰক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত বুধবাৰে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰিছে।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেদকাৰকে ধৰি বিজেপিৰ কেইবাজনো কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীয়ে অৰ্ণৱৰ গ্ৰেপ্তাৰৰ ঘটনাক গৰিহনা জনাইছে।