NORTHEAST NOW (Assamese)

ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হস্পিটেলক এইমছলৈ উন্নীত কৰক; ত্ৰিপুৰাৰ বিজেপি সাংসদৰ দাবী

September 24, 2020 4:42 pm · এন ই নাও নিউজ

ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হস্পিটেলক এইমছলৈ উন্নীত কৰাৰ বাবে বুধবাৰে লোকসভাৰ মজিয়াত দাবী উত্থাপন কৰে ত্ৰিপুৰাৰ বিজেপিৰ সাংসদ প্ৰতিমা ভৌমিকে।

ত্ৰিপুৰাত এইমছ বিচাৰি দাবী জনাই সাংসদ গৰাকীয়ে শীঘ্ৰে এইক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ হস্তক্ষেপ বিচাৰে।

নিজৰ ভাষণ প্ৰসংগত ত্ৰিপুৰাৰ বিজেপিৰ সাংসদ গৰাকীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাৰ বাবে কৰা কামৰ প্ৰশংসা কৰে। ভৌমিকে অলপতে বাংলাদেশৰ সৈতে আৰম্ভ কৰা জলপথৰ কথাও উল্লেখ কৰে।

”ত্ৰিপুৰাৰ জনসাধাৰণে কেতিয়াও নতুন দিল্লীৰ সৈতে ৰাজধানী এক্সপ্ৰেছেৰে সংযুক্ত হ’ব বুলি কল্পনা কৰা নাছিল,” ভৌমিকে নিজৰ ভাষণত লোকসভাত এইদৰে কয়।

”যদিহে ত্ৰিপুৰাত এইমছ স্থাপন কৰা হয় উত্তৰ-পূবৰ অন্য ৰাজ্যও ইয়াৰ ফলত উপকৃত হ’ব,” প্ৰতিমা ভৌমিকে লগতে কয়।

ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হস্পিটেলক কেন্দ্ৰ চৰকাৰে ইচ্ছা কৰিলে অতি সহজে এইমছলৈ উন্নীত কৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বুলিও তেওঁ লগতে কয়।

Related News