NORTHEAST NOW (Assamese)

বিশ্বনাথত চাৰ্ভিছ ৰাইফলেৰে গুলীয়াই নিজকে হত্যা কৰিলে আৰক্ষী জোৱানে

April 21, 2023 9:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 22, 2023 7:40 am

 

বিশ্বনাথ জিলাৰ বেহালী থানাত নিয়োজিত এজন সশস্ত্ৰ আৰক্ষী কনিষ্টবলে নিজকে গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

ললিত টেৰন নামৰ মৃত কনিষ্টবলজনে পইণ্ট ব্লেংক ৰেঞ্জত ৫.৫৬ চাৰ্ভিচ ৰাইফলেৰে নিজৰ মূৰত গুলীচালনা কৰাৰ অভিযোগ উত্থাপন হৈছে।

বৃহস্পতিবাৰে নিশা থানা চৌহদৰ ভিতৰতে এই ঘটনা সংঘটিত কৰিলে জোৱানগৰাকীয়ে।

এই ঘটনাৰ পিছতে স্তম্ভিত সহকৰ্মীসকল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু তেওঁক কাষত চাৰ্ভিচ ৰাইফলটো আৰু তেজৰ নৈ বাগৰি থকা অৱস্থাত উদ্ধাৰ কৰে।

তেওঁ এই চৰম পদক্ষেপ লোৱাৰ আঁৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

শেহতীয়াকৈ নগাঁৱৰ সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান এজনে পাৰিবাৰিক বিবাদৰ বাবে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল।

কামপুৰত সংঘটিত এই ঘটনাত সঞ্জীব লস্কৰ নামৰ জোৱানজনে নিজৰ কোঠাৰ ভিতৰত থকা ফেনত ফাঁচী লৈ আত্মহত্যা কৰিছিল।

লস্কৰৰ পৰিয়ালে অভিযোগ কৰে যে কেইবাদিনো তেওঁ আৰু তেওঁৰ পত্নী ছুইটি ৰাজা লস্কৰৰ ব্যক্তিগত সংঘাতৰ সৃষ্টি হৈছিল যাৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি জাজৰি অঞ্চলৰ মাতৃৰ পৰিয়ালৰ ঘৰত তেওঁৰ পৰা আঁতৰত থাকিছিল।

Related News