NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছ সংকট : ফেব্ৰুৱাৰিৰ ভিতৰত ভাৰতত পেৰাচিটামলৰ দৰে দৰৱ শেষ হৈ যাব পাৰে

February 17, 2020 11:00 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ছবি।

ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটনাৰ সোনকালে সমাধান নোলালে এই মাহৰ (ফেব্ৰুৱাৰি)পিছত ভাৰতৰ ঔষধৰ বজাৰত পেৰাচিটামল, আইব্‌ৰুপ্ৰুফেন (Ibruprofen) আদিৰ দৰে ঔষধ পাবলৈ নোহোৱা হৈ যাব পাৰে।

এই শংকা প্ৰকাশ কৰি ফেডাৰেইশ্যন অব ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি (FICCI)ৰ উদ্ধৃতিসহ এটা বাতৰিত লগতে কোৱা হৈছে যে পেৰাচিটামলৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বাতৰিটোৰ মতে ভাৰতে সচৰাচৰ ব্যৱহৃত ঔষধৰ ৭০ শতাংশই বা ইয়াৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ চীনৰ পৰা আমদানি কৰে।

কিন্তু ক’ৰ’না ভাইৰাছৰ বাবে চীনৰ কেইবাখনো মহানগৰ বন্ধ কৰি দিয়া হৈছে আৰু বিভিন্ন সামগ্ৰীৰ উৎপাদন বন্ধ হৈ পৰিছে।

বাতৰিটোৰ মতে, যদিহে পৰিস্থিতি উন্নত নহয় স্মাৰ্ট ফোন আৰু সৌৰ সামগ্ৰীবোৰৰো নাটনি বা দাম বৃদ্ধি হ’ব পাৰে।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা সূত্ৰই কৈছে যে ঔষধৰ পৰ্য্যাপ্ত মজুত আছে আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই দিশত অসুবিধা নোহোৱাৰ বাবে কাম কৰি আছে।

জানিব পৰা মতে, ভাৰত চৰকাৰে চীনৰ য়ুহান প্ৰদেশৰ পৰা আমদানি কৰা সামগ্ৰীৰে প্ৰস্তুত হোৱা ঔষধবোৰ চিনাক্ত কৰাৰ পদক্ষেপ লৈছে। এইবোৰৰ নাটনি নহ’বলৈ চীনৰ পৰা আমদানিৰ পৰিৱৰ্তে ইয়াতে উৎপাদনৰ এটা বিকল্প আঁচনি প্ৰস্তুত কৰা হৈছে।

উল্লেখ কৰিব পাৰি যে য়ুহান প্ৰদেশকে মাৰাত্মক ভাইৰাছবিধ বিয়পাৰ প্ৰধান কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে।

এই পৰ্য্যন্ত বিশ্বত ৬৮,৫০০-তকৈও অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু আক্ৰান্তসকলৰ মাজৰত ১৬৬৯জনৰ মৃত্যু হৈছে।

এইবোৰৰ সামান্য অংশৰ বাদে প্ৰায়বোৰেই চীনৰ। বিজ্ঞান-প্ৰযুক্তিত আগ বঢ়া দেশখনে ভাইৰাছবিধৰ বিৰুদ্ধে অবিৰাম যুঁজ দি আছে।

Related News