কৰ’নাভাইৰাছৰ শেহতীয়া পৰিসংখ্যা: ইটালিত মৃত্যুৰ সংখ্যাই চেৰাই গৈছে চীনক
কৰ’নাভাইৰাছৰ ফলত বিশ্বৰ সকলো দেশৰ ভিতৰত এতিয়ালৈকে ইটালিত মৃত্যুৰ সংখ্যা সৰ্বাধিক।
ইউৰোপৰ দেশখনত মৃত্যুৰ সংখ্যাই ভাইৰাছটোৰ উৎপত্তিস্থল চীনকো চেৰাই গৈছে।
চীনত এতিয়ালৈকে ৩,২৪৫ গৰাকী লোকৰ কৰ’নাভাইৰাছত মৃত্যু হোৱাৰ বিপৰীতে ইটালিত এই সংখ্যা ৩,৪০৫ হৈছেগৈ।
অৱশ্যে চীনত মৃতকৰ সংখ্যাৰ তথ্যৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ অৱকাশ আছে।
ইটালিত একেদিনাই ৪২৭ গৰাকী লোকৰ কৰ’নাভাইৰাছত মৃত্যু হৈছে।
চীনত আক্ৰান্তৰ সংখ্যা ইটালিৰ প্ৰায় দুগুণ। ইটালিত ৪১,০৩৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে চীনত এই স্ংখ্যা ৮১,০০০তকৈয়ো অধিক।
ইটালিত যোৱা ১২ মাৰ্চৰ পৰাই সম্পূৰ্ণ বন্ধ ঘোষণা কৰা হৈছে আৰু সকলো লোককে ঘৰতে নিজক আবদ্ধ ৰাখিবলৈ কোৱা হৈছে।
ইটালিত বয়সীয়াল লোকৰ সংখ্যা বেছি হোৱাৰ ফলত দেশখনত কৰ’নাভাইৰাছত মৃত্যুৰ সংখ্যা বেছি হোৱা বুলি ধাৰণা কৰা হৈছে।
চীনে বুধবাৰে দাবী কৰিছে যে দেশখনত কোনো লোক নতুনকৈ কৰ’নাভাইৰাছত আক্ৰান্ত হোৱা নাই।
ইতিমধ্যে সমগ্ৰ বিশ্বত ২,২০,০০০ লোক কৰ’নাভাইৰাছত আক্ৰান্ত হৈছে আৰু মৃতকৰ সংখ্যাই ৯,০০০ অতিক্ৰম কৰিছে।
অসমত বৰ্তমানলৈকে কোনো লোক কৰ’নাভাইৰাছত আক্ৰান্ত হোৱাৰ খবৰ অহা নাই।
স্বাস্থ্য মন্ত্ৰ্যালয়ে বুধবাৰে সদৰী কৰা মতে ভাৰতত কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা ১৫১ গৰাকীলৈ বৃদ্ধি পাইছে। শেহতীয়া তথ্য মতে এই সংখ্যাই ১৯৫ চুইছেগৈ।
দেশত চিনাক্ত হোৱা কৰ’নাভাইৰাছ আক্ৰান্ত ৰোগীৰ ভিতৰত ২৫গৰাকী বিদেশী নাগৰিক।
প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’নাভাইৰাছ সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া দেশবাসীক সম্বোধন কৰিছে।
প্ৰধান মন্ত্ৰীয়ে দেশবাসীক সংযম ৰক্ষা কৰিব চলিবলৈ আৰু ২২ মাৰ্চৰ পুৱা ৭ৰ পৰা সন্ধিয়া ৯ বজালৈকে জনতাৰ কাৰ্ফিউৰ আহ্বান জনাইছে।
ভাৰত চৰকাৰে ইতিমধ্যে ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ আধা সংখ্যকক ঘৰৰ পৰাই কাম কৰাৰ নিৰ্দেশ দিছে।
কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত বি আৰু চি গ্ৰুপৰ লোকক এসপ্তাহ এৰি এসপ্তাহ কাৰ্য্যালয়লৈ আহিবলৈ নিৰ্দেশ দিছে।