NORTHEAST NOW (Assamese)
Popular Stories

নিৰ্ভয়া : ফাঁচিৰ পূৰ্বে গা ধুৱাই নতুন কাপোৰ পিন্ধোৱা হৈছিল চাৰিওজন দোষীক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 20, 2020 11:19 am
Nirbhaya-case-749x375

সুদীৰ্ঘ ৭ বছৰৰ মূৰত আজি ৰাতিপুৱা ৫.৩০ বজাত নিৰ্ভয়া কাণ্ডৰ দোষী চাৰিজনক ফাঁচিকাঠত ওলমোৱা হ’ল।

ফাঁচি দিয়াৰ সময়ত দিল্লীৰ তিহাৰ জেইলৰ বাহিৰত বহু লোকৰ সমাগম ঘটে আৰু লোকসকলে এই বিৰল মূহুৰ্তৰ সাক্ষী হ’বলৈ অপেক্ষা কৰে।

লগতে পঢ়ক : অৱশেষত ন্যায়; নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীকে একেলগে ওলমালে ফাঁচিকাঠত

ফাঁচিৰ সময়ত জেইলৰ বাহিৰত সুৰক্ষা কটকটীয়া কৰি তোলাৰ লগতে নিয়ম অনুসৰি ৰাতিপুৱা ৫ বজাৰ পৰা ফাঁচি সম্পাদন নোহোৱালৈকে জেইলৰ কাৰাবন্দী সকলৰ কোঠা সমূহ বন্ধ কৰি দিয়া হয়।

ফাঁচিৰ পূৰ্বে দোষী কেইজনক তেওঁলোকৰ অন্তিম ইচ্ছা সোধা হয় আৰু তেওঁলোকক ৰাতিপুৱা ৪ বজাত বিচনাৰ পৰা উঠাই স্নান কৰিবলৈ দিয়ে।

লগতে পঢ়ক : নিৰ্ভয়া : শেষ প্ৰস্তুতিৰ বুজ ল’বলৈ ৰাতিপুৱা ৩.৩০ বজাতে বিচনা এৰিছিল জল্লাদ পৱনে

গা ধুই উঠাৰ পিছত তেওঁলোকক পিন্ধিবলৈ দিয়া হয় নতুন কাপোৰ।

উল্লেখ্য যে চাৰিওজন দোষীকে ফাঁচি দিয়াৰ পূৰ্বে জেইল কৰ্তৃপক্ষই তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰায়।