NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত বান পৰিস্থিতি সামান্য উন্নত,মৃতকৰ সংখ্যা ১০৮ লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 31, 2020 12:48 pm
flood11

কালান্তক বানে সংহাৰৰ সৃষ্টি কৰা অসমত বান পৰিস্থিতিৰ সামান্য উন্নতি ঘটিছে।

এতিয়ালৈকে বানৰ কৱলত পৰি ৰাজ্যখনত মৃত্যু ঘটা লোকৰ সংখ্যা হৈছেগৈ ১০৮ গৰাকী।

শেহতীয়াকৈ মৰিগাঁৱত এজন লোকৰ বানত মৃত্যু ঘটাৰ বাতৰি আহিছে।

সামান্য উন্নতি ঘটিলেও ৰাজ্যৰ ৩৩ খন জিলাৰ ভিতৰৰে ২২ খন জিলাত এতিয়াও লাখ লাখ লোকে বানৰ সৈতে সহাৱস্থান কৰি থাকিবলগীয়া হৈছে।

এতিয়াও ২২ খন জিলাৰ  ১,৩৩৯ খন গাঁৱৰ প্ৰায় ১২ লাখ লোকে পানীৰ মাজতে দিন অতিবাহিত কৰি আছে।

৮২,১৭০ হেক্টৰ কৃষি ভূমি এতিয়াও পানীৰ তলতে আছে দুৰ্যোগ প্ৰশমণ বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

সংহাৰী বানে ৰাজ্যৰ প্ৰায় ১২২,৫৭৩ হেক্টৰ পথাৰৰ শস্য সম্পূৰ্ণ ভাৱে ধ্বংস কৰা বুলি তথ্য লাভ কৰা হৈছে।

ৰাজ্যৰ ৬ খন জিলাত ব্ৰহ্মপুত্ৰকে ধৰি আন ৫ খন নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।শোণিতপুৰ জিলাত জীয়া ভৰলী নৈ বিপদ সীমাৰ ওপৰেৰে বৈ আছে।

চলিত বানত ৰাজ্যত মৃত্যু ঘটিছে ১৬৭ টা বন্য প্ৰাণীৰ।

ইয়াৰ ভিতৰত ১৬ টা গঁড়ো আছে।নামনি আৰু মধ্য অসমৰ ৫ খন জিলা ক্ৰমে গোৱালপাৰা,বৰপেটা,মৰিগাঁও,ধুবুৰী,দক্ষিণ শালমাৰাৰ প্ৰায় ৯.৩২ লাখ লোক এতিয়াও বানৰ কৱলতে আছে।