NORTHEAST NOW (Assamese)

ক’ৰ’না ভাইৰাছ : চেনিটাইজ কৰা হয় তামুলপুৰৰ কাউলীৰ বিভিন্ন অঞ্চল

March 29, 2020 8:21 pm · দীপক কুমাৰ পাঠক
Updated: March 29, 2020 8:25 pm
ফটো : নৰ্থ-ইষ্ট নাও

সাম্প্ৰতিক সময়ত বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা ক`ৰ’না ভাইৰাছৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে দেশজুৰি আহ্বান জনোৱা ২১ দিনীয়া লকডাউন চলি থকাৰ মাজতে ভাৰত-ভূটান সীমান্তৰ নাগ্ৰীজুলিৰ কাউলী বজাৰত আজি কাউলী বজাৰ উন্নয়ন সমিতিৰ উদ্যোগত বজাৰৰ লগতে গাঁৱে-ভূঞে চেনিটাইজ কৰা হয়।

আজি দিনৰ ভাগত একাংশ লোকে এক মিটাৰ দূৰত্ব বজাই ৰাখি পথ সমূহত চেনিটাইজ কৰে। লগতে গাঁৱৰ ৰাইজৰ সৈতে আলোচনা কৰি প্ৰতিখন গাঁৱতে চেনিটাইজ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সৰ্বস্তৰৰ ৰাইজক আহ্বান জনোৱা হয়।

আনফালে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় প্ৰতিখন গাঁৱৰ ৰাইজে গাঁৱত প্ৰৱেশ কৰা মূল পথ সমূহো সম্পূৰ্ণ ৰূপে ক’ৰ’না ভাইৰাছ ৰোধৰ বাবে বাঁহৰ বেৰীকেড সাজি  বন্ধ কৰি দিয়া পৰিলক্ষিত হয়।

পথ বন্ধ কৰি দিয়াৰ উপৰি কাউলীৰ তৰুণগাঁৱৰ লগতে ঠায়ে ঠায়ে বেনাৰ, পোষ্টাৰ আদি আঁৰি দি বিভিন্ন সতৰ্ক বাণীও প্ৰচাৰ কৰে।

উল্লেখ্য যে ভাৰত-ভূটান সীমান্তৰ কাউলী বজাৰ উন্নয়ন সমিতিৰ এনে পদক্ষেপক সচেতন ৰাইজে প্ৰশংসা কৰিছে।

Related News