NORTHEAST NOW (Assamese)

স্বাস্থ্য কৰ্মীসকলৰ বাবে অভিনেতা চনু চুডে খুলি দিলে নিজৰ বিলাসী হোটেল

April 10, 2020 7:38 am · এন ই নাও নিউজ
Updated: April 10, 2020 7:49 am

বলিউদ অভিনেতা চনু চুডে নিজৰ মুম্বাইৰ জুহুস্থিত হোটেলখন স্বাস্থ্য কৰ্মীসকলক প্ৰদানৰ সিদ্ধান্ত লয়। এটা সাক্ষাৎকাৰত অভিনেতাগৰাকীয়ে এই কথা জনায়।

তেওঁ কয়, ‍‘নিজৰ জীৱন সংকটত ৰাখি আমাৰ জীৱন বচোৱাত ব্ৰতী হৈ থকা স্বাস্থ কৰ্মীসকলক নিজৰ নিজৰ আৱাসত প্ৰৱশ কৰিবলৈ নিদিয়া, তেওঁলোকৰ সৈতে বেয়া ব্যৱহাৰ কৰা আদি খবৰ শুনাৰ পিছতে তেওঁলোকক সহায় কৰাৰ সিদ্ধান্ত ল’লো।

গল্ফ নিউজক দিয়া সাক্ষাৎকাৰটোত তেওঁ কয়, ‍‘তেওঁলোকে নিজৰ পৰিয়ালক এৰি দৈনিক কামলৈ গৈ আছে আৰু নিজৰ জীৱন সংকটলৈ ঠেলি আছে। তেতিয়াই মই তেওঁলোকৰ থকাৰ বাবে মোৰ হোটেলখন দিয়াৰ সিদ্ধান্ত ল’লো‍’।

চনুই লগতে কয় যে মুম্বাই্‌ জুহুত বহুত চিকিৎসালয় আছে আৰু ইয়াত কৰ্মৰত স্বাস্থ্য কৰ্মীসকলে হোটেল শক্তি সাগৰত আৰাম আৰু শুবলৈ আহিব পাৰে।

ইয়াৰ উপৰি তেওঁ কয় যে চিকিৎসক তথা স্বাস্থ্য কৰ্মীসকলে আমাৰ বাবে কাম কৰি আছে আৰু এতিয়া তেওঁলোকৰ বাবে আমি কিবা কৰাৰ সময়।

উল্লেখ্য যে দেশৰ হকে দিনে নিশাই কামত ব্ৰতী হৈ থকা প্ৰত্যেকগৰাকী যোদ্ধাকে ধন্যবাদ জ্ঞাপন কৰিব লাগে বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে।

Related News