NORTHEAST NOW (Assamese)

ক’ভিড-১৯: ত্ৰিপুৰাত আৰোগ্য বি এছ এফৰ ১৪ গৰাকী, সক্ৰিয় ৰোগী ১৩৭

May 13, 2020 11:31 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

চৌদ্ধগৰাকী বি এছ এফৰ ক’ভিড-১৯ আক্ৰান্ত ব্যক্তিয়ে ত্ৰিপুৰাত আৰোগ্য লাভ কৰিছে আৰু বুধবাৰে তেওঁলোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

তেওঁলোকক আগৰতলাৰ জি বি চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হৈছে। এতিয়া তেওঁলোক আনুষ্ঠানিক কুৱাৰেণ্টিনত থাকিব।

ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে এই তথ্য সদৰী কৰিছে।

ৰাজ্যখনত বি এছ এফৰ বিশেষকৈ দুটা বেটেলিয়নত যোৱা প্ৰায় দহ দিন ধৰি বহুসংখ্যক ব্যক্তি ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈ আহিছে।

এজন বি এছ এফ বিষয়া মঙলবাৰে ত্ৰিপুৰাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল আৰু তাকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা ১৫৫লৈ বৃদ্ধি পাইছিল।

বুধবাৰে ১৪ গৰাকী ব্যক্তিক চিকিৎসালয়ৰ পৰা মুকলি হোৱাৰ পিছত ৰাজ্যখনত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হৈছেগৈ ১৩৭গৰাকী।

ৰাজ্যখনত দুগৰাকী ক’ভিড-১৯ আক্ৰান্ত ব্যক্তিয়ে আৰোগ্য লাভ কৰিছে আৰু দুগৰাকীক আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে।

সোমবাৰেও জিলাখনত দুগৰাকী বি এছ এফ বিষয়াক ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল।

দেওবাৰে বি এছ এফ বেটেলিয়নৰ এগৰাকী বিষয়া, ছগৰাকী মহিলা আৰু নটা শিশু ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছিল।

তাৰ পূৰ্বেও যোৱা সম্পূৰ্ণ সপ্তাহজুৰি ধাৰাবাহিকভাৱে বি এছ এফ বেটেলিয়নকেইটাত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈ আহিছিল।

মুখ্য মন্ত্ৰী দেবে সদৰী কৰা মতে ত্ৰিপুৰাস্থিত বি এছ এফৰ ৩নং বেটেলিয়নতো ৭৫গৰাকীৰ নমুনা পৰীক্ষা কৰা হৈছিল কিন্তু তেওঁলোক সকলো ক’ভিড-১৯ নিগেটিভ।

ঢালাই জিলাক ইতিমধ্যে ৰেড জ’নৰূপে ঘোষণা কৰা হৈছে।

তাৰোপৰি বি এছ এফৰ ১৩৮নং বেটেলিয়নৰ মুখ্য কাৰ্য্যালয়কে ধৰি গাণ্ডাচেৰা গাঁৱৰ এটা শিৱিৰ আৰু কৰীনা সীমা চকীক কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

Related News