NORTHEAST NOW (Assamese)

ৰাজ্যত ১৩৬১ লৈ বৃদ্ধি কোভিড-১৯ ৰোগীৰ সংখ্যা; নতুনকৈ ২২ গৰাকী আক্ৰান্তক চিনাক্ত

June 1, 2020 10:48 am · কল্পজ্যোতি শইকীয়া
প্রতিনিধিত্বমূলক ফটো

ৰাজ্যত ১৩৬১ লৈ বৃদ্ধি হৈছে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। এই মুহূৰ্তত একেলগে ২২ গৰাকী লোকৰ দেহত পোৱা গৈছে মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ১৪ গৰাকী ডিব্ৰুগড়, ধেমাজিৰ ৪ গৰাকী, ৩গৰাকী তিনিচুকীয়া আৰু এগৰাকী চৰাইদেউৰ।

টুইটাৰযোগে এই কথা প্রকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই।

বৰ্তমান অসমত ১১৬৯ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে তাৰ বিপৰীতে ১৮৫ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে। মৃত্যু হৈছে চাৰিগৰাকী লোকৰ।

দেওবাৰৰ পৰা আজিলৈকে ১৪৫ গৰাকী লোক আক্ৰান্ত হৈছে কোভিড-১৯ত।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

ৰাজ্যত এসপ্তাহৰ ভিতৰত সাত শতাধিক লোক কোভিড-১৯ ত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১২৯১ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News