NORTHEAST NOW (Assamese)

ৰাজ্যত দুহেজাৰৰ দিশে ক’ৰ’নাত আক্ৰান্তৰ সংখ্যা; নতুনকৈ ১১১ গৰাকী পজিটিভ চিনাক্ত

June 4, 2020 6:52 pm · কল্পজ্যোতি শইকীয়া
Updated: June 4, 2020 6:55 pm
প্ৰতিনিধিত্বমূলক ফটো

ৰাজ্যত ১৯৮৮ লৈ বৃদ্ধি পালে ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

এই মুহূৰ্তত একেলগে ১১১ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

আক্ৰান্ত সকলৰ ৪৬ গৰাকী হোজাই, ওডালগুৰিৰ ২৮ গৰাকী, কামৰূপৰ ১০ গৰাকী, ৫ গৰাকী মৰিগাঁৱৰ, তিনিগৰাকী নলবাৰীৰ, তিনিগৰাকী গোৱালপাৰাৰ, গোলাঘাটৰ দুগৰাকী, যোৰহাটৰ ২ গৰাকী আৰু ধুবুৰীৰ এগৰাকী।

বৰ্তমান অসমত ১৫৩৯ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে, তাৰ বিপৰীতে ৪৪২ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পূৰ্বে আজিৰ দিনটোত ৪৭ গৰাকী লোকৰ দেহত ধৰা পৰিছিল মাৰাত্মক ক’ৰ’না ভাইৰাছৰ উপস্থিতি।

উক্ত আক্ৰান্তসকলৰ ৩৩ গৰাকী হোজাইৰ, ছয়গৰাকী ধেমাজিৰ, চাৰিগৰাকী বঙাইগাঁৱৰ, তিনিগৰাকী বৰপেটাৰ আৰু বাক্সাৰ এগৰাকী আছিল।

কালিৰ দিনটোত সৰ্বাধিক ২৬৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

যোৱা ১ জুনৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে দিনা ১৫৯ গৰাকী বৰ্তমানলৈকে আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

২৮ মে দিনটোত ৰাজ্যত ৯৭ গৰাকী লোক আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

যোৱা ২৭ মেত ১০১ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ ৰ পৰা আজিলৈকে মুঠ ১৯০৭ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।

Related News