NORTHEAST NOW (Assamese)
Popular Stories

এক ভাল খবৰ; অসমত ৯ জনলৈ হ্ৰাস পালে কোভিড-১৯ এক্টিভ ৰোগীৰ সংখ্যা

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া May 1, 2020 5:43 pm
Lockdown: More than 40k requests received for intra-state travel by ASTC bus in Assam

ক’ৰ’না ভাইৰাছৰ আতংকৰ মাজতে আহিছে এক ভাল খবৰ। অসমত ৯ গৰাকীলৈ হ্ৰাস পালে কোভিড-১৯ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা।

আজি গোলাঘাট জিলা অসামৰিক চিকিৎসালয়ৰ পৰা জেচমিনা বেগম, মৰিগাঁৱৰ ফুৰকান আলী আৰু চামছুৰ আলমক মহেন্দ্ৰ মোহন চৌধুৰী হাস্পাতালৰ পৰা মুক্তি দিয়া হয়।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সম্বোধন কৰা এক সংবাদমেলত এই কথা জনায় স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰোপৰি, নাগালেণ্ডৰ ৰাজা জৈনক আজি GMCHৰ পৰা মুক্তি দিয়া হয়। মন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ উপস্থিতিত তেওঁক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হয়।

বৰ্তমালৈকে ৰাজ্যত মুঠ ৩২ গৰাকী ৰোগী কোভিড-১৯ ৰ পৰা মুক্ত হৈছে আৰু ৯ গৰাকী বৰ্তমানো চিকিৎসাধীন হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ জনোৱা অনুসৰি আজি ৰোগীকেইগৰাকীক মুক্তি দিয়াৰ পাছত কোভিড-১৯ ৰোগী মুক্ত হ’ল মৰিগাঁও আৰু গোলাঘাট জিলা। কালি নলবাৰী জিলা ক’ৰ’না ৰোগী শূণ্য হৈছিল বুলিও তেওঁ কয়।

ইপিনে, অসমত এতিয়া কোনো ৰেড জ’ন নাই বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয় “ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ পৰা প্ৰকাশ পোৱা তালিকাত কোনোধৰণৰ ৰেড জ’নৰ জিলা ৰখা হোৱা নাই।”

অৱশ্যে এতিয়াও তিনিখন জিলা ক্ৰমে ধুবুৰী, গোৱালপাৰা আৰু মৰিগাঁও জিলাক অৰেঞ্জ জ’নত ৰখা হৈছে বুলি তেওঁ কয়।

তেওঁ আৰু কয় “অৱশ্যে তালিকা প্ৰকাশ কৰাৰ সময়লৈকে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ হাতত বঙাইগাঁৱৰ ৫ ৰোগীৰ ৰিপোৰ্ট পৰা নাছিল। গতিকে পাছত বঙাইগাঁৱক ৰেড বা গ্ৰীণ জ’ন হোৱাৰ সম্ভাৱনা আছে।”