NORTHEAST NOW (Assamese)

কোভিড-১৯ ; ভাৰতত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৪২,০০০; কিমানৰ হৈছে টেষ্টিং?

May 4, 2020 11:42 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত এতিয়াললৈকে ৪২০০০-তকৈ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে। স্বাস্থ্য মন্ত্ৰ্যালয়ে আজি প্ৰকাশ কৰা তথ্য মতে ভাৰতত এই পৰ্যন্ত ৪২,৫৫৩ টা কোভিড-১৯ পজিটিভ কেছ ধৰা পৰিছে।

ইয়াৰে প্ৰায় ১২,০০০ (১১,৭০৬) ৰোগী সুস্থ হৈ উঠিছে আৰু তেওঁলোকক ঘৰলৈ যাবলৈ দিয়া হৈছে। বৰ্তমান চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে ২৯,৪৫৩ আৰু মৃত্যু হৈছে ১,৩৭৩ গৰাকী ব্যক্তি।

যোৱা ২৪ ঘণ্টাত দেশত ২৫৫৩ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৭২ গৰাকী লোকৰ মৃত্যু হয়।

উল্লেখযোগ্য যে যোৱা শনিবাৰৰ লৈকে সমগ্ৰ দেশজুৰি এইপৰ্যন্ত ১০ লাখতকৈ অধিক লোকৰ স্বাস্থ্য পৰীক্ষা হৈছে।

ভাৰতত ক’ৰ’না ভাইৰাছৰ ফলত আটাইতকৈ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। ৰাজ্যখনত এতিয়ালৈকে প্ৰায় ১৩,০০০ লোক কোভিড-১৯ আক্ৰান্ত হোৱাৰ বিপৰীতে ৫৪৮ গৰাকী লোকৰ মৃত্যু হৈছে।

Related News