NORTHEAST NOW (Assamese)

চাৰি হাজাৰ অতিক্ৰম অসমত ক’ভিড আক্ৰান্তৰ

June 14, 2020 8:39 pm · এন ই নাও নিউজ

১০৬গৰাকী নতুন ক’ভিড-১৯ পজিটিভ ব্যক্তিক লৈ অসমত মুঠ আক্ৰান্তৰ সংখ্যাই দেওবাৰে চাৰি হাজাৰৰ সীমা অতিক্ৰম কৰিছে।

অসমত এই পৰ্য্যন্ত চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত হৈছেগৈ ৪০৪৯গৰাকী।

নতুনকৈ চিনাক্তসকলৰ মাজত আছে নগাঁৱৰ ৩২, কামৰূপৰ ২৮, দৰঙৰ ১৩, বৰপেটাৰ দহ, কৰিমগঞ্জৰ তিনি, লখিমপুৰৰ দুই আৰু ধেমাজি আৰু কাছাৰৰ এগৰাকীকৈ ব্যক্তি।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য প্ৰকাশ কৰিছে।

এইসকল নতুনকৈ চিনাক্ত ক’ভিড আক্ৰান্তক লৈ দেওবাৰৰ দিনটোত এই পৰ্য্যন্ত ১৪৯গৰাকী ৰোগী চিনাক্ত হৈছে।

অসমত ১৯৬০গৰাকী ব্যক্তি এইপৰ্য্যন্ত আৰোগ্য হৈ উঠিছে। বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২০৭৮গৰাকী।

ক’ভিড-১৯ত অসমত এতিয়ালৈকে আঠগৰাকী ৰোগীৰ মৃত্যু ঘটাৰ বিপৰীতে তিনিগৰাকীক আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে।

Related News