NORTHEAST NOW (Assamese)

ৰাজ্যত আজি কিমানজন আক্ৰান্ত হ’ল কোভিডত? কিমানে প্ৰাণ হেৰুৱালে মাৰাত্মক ভাইৰাছত?

November 27, 2021 8:35 pm · এন ই নাও নিউজ,গুৱাহাটী

ৰাজ্যত কোভিড পজিটিভিটিৰ হাৰ ১ শতাংশৰ তলতে আছে।

এনে পৰিস্থিতি অব্যাহত থকালৈ চাই অসমত কোভিড নিয়ন্ত্ৰণাধীন বুলিয়েই ক’ব পাৰি।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ১২৩ গৰাকী লোক।

এই সময়ছোৱাত ২৭,২০২ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ৫৮ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ০.৪৫ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯৮.৫৭ শতাংশ।

Related News