NORTHEAST NOW (Assamese)

ৰাজ্যত আজি কিমান লোক আক্ৰান্ত হ’ল কোভিডত; মৃত্যুৰ সংখ্যা কিমান?

June 23, 2021 8:43 pm · এন ই নাও নিউজ

সামগ্ৰিকভাবে ৰাজ্যৰ কোভিড পৰিস্থিতিৰ উন্নতিৰ লগে লগে ৰাজ্যত এতিয়া কোভিড আক্ৰান্ত মৃত্যুৰ সংখ্যাও হ্ৰাস পাই আহিছে।

সেইদৰে পজিটিভিটিৰ হাৰো হ্ৰাস পাইছে।

ৰাজ্যত আজিও কোভিড পজিটিভিটিৰ হাৰ দুই শতাংশতকৈ কম হৈছে।

আজিৰ দিনটোত ৰাজ্যখনত কোভিডত ৩০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যত কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে ২৭২৮ গৰাকী লোক। এই সময়ছোৱাত ১,৬৬,২২৭ টা কোভিড পৰীক্ষা সম্পন্ন কৰা হয়।

কামৰূপ মেট্ৰ’ত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্ত হৈছে ১৮৭ গৰাকী লোক ।

কোভিড পজিটিভিটিৰ হাৰ হৈছে ১.৬৪ শতাংশ। এই সময়ছোৱাত সুস্থতাৰ হাৰ হৈছে ৯২.৬৩ শতাংশ।

ৰাজ্যখনত শেহতীয়াকৈ ক’ভিড পজিটিভিটিৰ হাৰ ২ শতাংশৰ কম হোৱালৈ চাই ক’ভিড পৰিস্থিতিৰ যথেষ্ট উন্নতি ঘটা বুলি ক’ব পাৰি।

তথাপি ৰাজ্যৰ ৯ খন জিলা ক্ৰমে কাচাৰ, তিনিচুকীয়া,ডিব্ৰুগড়, শোণিতপুৰ ,নগাঁও, মৰিগাঁও, যোৰহাট, ঘোলাঘাট আৰু বিশ্বনাথত কোভিড পৰিস্থিতিৰ আশানুৰূপ উন্নতি নোহোৱাত এই জিলা কেইখন ৰেড ডিষ্ট্ৰিক হিচাবে চিহ্নিত কৰা হৈছে।
উক্ত জিলা কেইখনত প্ৰয়োজন সাপেক্ষে ১০ দিনৰ সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনাৰ কথাও সদৰী কৰা হৈছে।

Related News