NORTHEAST NOW (Assamese)

নাগালেণ্ডত ৪২৪৫ গৰাকীলৈ বৃদ্ধি ক’ৰ’না আক্ৰান্তৰ সংখ্যা

September 9, 2020 10:09 am · এন ই নাও নিউজ

নাগালেণ্ডত মঙলবাৰৰ দিনটোত নতুনকৈ ২৫ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰ ফলত ৰাজ্যখনত মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৪২৪৫ গৰাকীলৈ বৃদ্ধি পায়।

মঙলবাৰে নাগালেণ্ডৰ গৃহ বিভাগৰ মুখ্য সচিৱ অভিজিত সিনহাই কয় যে, নাগালেণ্ডত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ২৫ গৰাকী লোকৰ ভিতৰত ২১ গৰাকী কহিমা, দুগৰাকী মুন আৰু এগৰাকীকৈ ক্ৰমে মোকোকচুং আৰু কিফিৰে জিলাৰ।

সিনহাই জনোৱা অনুসৰি নাগালেণ্ডত ক’ৰ’না আক্ৰান্ত হোৱা ৪২৪৫ গৰাকী লোকৰ ভিতৰত ৩৭২৮ গৰাকী লোক চিকিৎসাৰ অন্তত আৰোগ্য হৈ উঠিছে।

ৰাজ্যখনত বৰ্তমান ৪৯৬ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

ক’ৰ’না মহামাৰীয়ে পাহাৰীয়া ৰাজ্যখনত এতিয়ালৈ আঠ গৰাকী লোকৰ জীৱন কাঢ়ি নিছে।

আনহাতে, নাগালেণ্ডত ক’ৰ’না আক্ৰান্ত হোৱা লোক সকলৰ ভিতৰত ১৮২৩ গৰাকী লোক সামৰিক বাহিনীৰ, ১৩১২ গৰাকী বহিঃৰাজ্যৰ পৰা উভতি অহা আৰু ৩০৯ গৰাকী ক’ৰ’না যোদ্ধা।

Related News