NORTHEAST NOW (Assamese)
অসম

চামগুৰিৰ পহুকটাত গৰুভৰ্তি ট্ৰাক জব্দ; দুজন চোৰাং গৰু সৰবৰাহকাৰীক আটক

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা October 15, 2019 7:50 pm

নগাঁও জিলাৰ চামগুৰিত আজি এখন গৰু সৰবৰাহকাৰী গাড়ী জব্দ কৰা ঘটনাই সমগ্ৰ ৰাজ্যতে যে এতিয়াও গৰুৰ চোৰাং ব্যৱসায় অব্যাহত আছে তাক আকৌ এবাৰ প্ৰমান কৰিলে।

জানিব পৰা মতে, নগাঁও জিলাৰ চামগুৰিৰ খাটোৱাল থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আজি পুৱা প্ৰায় ৫-৩০ মান বজাত পহুকটা অঞ্চলত এখন চোৰাং গৰুভৰ্তি ট্ৰাক জব্দ কৰে।

এ এছ-০২ এ চি-৬২২২ নম্বৰৰ এখন টাটা মোবাইল গাড়ীত ২২ টাকৈ গৰু কঢ়িয়াই অনাৰ খবৰ লাভ কৰি আৰক্ষীয়ে উক্ত গাড়ীখন জব্দ কৰাৰ লগতে দুজন সন্দেহজনক গৰু সৰবৰাহকাৰীক আটক কৰে। ধৃত ব্যক্তি দুজনক গেৰুৱাআটিৰ শ্বৰিফুল ইছলাম (৩৫) আৰু আমনিৰ দিপক নাহক(২০) বুলি চিনাক্ত কৰা হৈছে।

আনহাতে তেওঁলোকৰ মাজৰ আটকাধীন লোক এজনে গৰু কেইটা চামগুৰিৰ গেৰুৱাআটিৰ পৰা লংকা বজাৰত বিক্ৰী কৰাৰ বাবে নিয়া হৈছিল বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।