NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ বিহৰা বজাৰত গৰু ব্যৱসায়ীৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ; অবৈধভাৱে ধন সংগ্ৰহৰ অভিযোগ

Posted by: উত্তম শইকীয়া November 4, 2018 11:29 am

বোকাখাত মহকুমাৰ বিহৰাত অৱস্থিত দেওবৰীয়া গৰু বজাৰত গৰু বেপাৰী আৰু গৰু কঢ়িওৱা গাড়ীৰ পৰা আৰক্ষী আৰু ৰাজনৈতিক নেতা পালি নেতাই অবৈধ ভাৱে ধন সংগ্ৰহ কৰি অহাৰ অভিযোগত আজি পুৱা গৰু বেপাৰীৰ উদ্যোগত আৰু স্হানীয় লোকৰ সহযোগত বিহৰাত ৩৭ নং ৰাষ্ট্রীয় পথ অৱৰোধ কৰে গৰু বেপাৰীয়ে ।

গৰু ব্যৱসায়ী সকলে প্ৰায় দুঘণ্টা সময় ধৰি ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি ৰাখে। গোলাঘাট জিলাৰ অতিৰিক্ত উপায়ুক্ত উৎপল দলে, বোকাখাতৰ সহকাৰী আয়ুক্ত শান্তনু গগৈ আৰু বোকাখাত মহকুমা আৰক্ষী বিষয়া বিতুল চেতিয়াৰ উপস্থিতিত প্ৰতিবাদস্থলীত হোৱা আলোচনাৰ দুঘণ্টাৰ পাচত ৩৭ নং ৰাষ্ট্ৰীয় পথটো মুকলি কৰি দিয়ে প্ৰতিবাদী গৰু ব্যৱসায়ী সকলে।

পথ অৱৰোধৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় পথটোত শ শ যান-বাহন আবদ্ধ হৈ পৰে । উল্লেখ্য যে দীৰ্ঘদিন ৰ পৰা বিহৰা বজাৰলৈ গৰু অনা ব্যৱসায়ী সকলে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা বুলি অভিযোগ কৰিছে ৷ গৰু ব্যৱসায়ী সকলে বহু ৰাজনৈতি নেতা-পালিনেতাক নিয়মিতভাৱে ধন দি অহাৰ পাছতো আৰক্ষীয়েও ধন বিচৰা বুলি অভিযোগ কৰি আজি ৩৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰে ৷