NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ টিকটত নিৰ্বাচন খেলাৰ মন ৰবীন্দ্ৰ জাদেজাৰ পত্নীৰ! পূৰণ হ’বনে আশা?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 9, 2022 5:22 pm

ভাৰতীয় ক্ৰিকেটাৰ ৰবীন্দ্ৰ জাদেজা আঘাতৰ বাবে ক্ৰিকেটৰ পথাৰৰ বাহিৰত আছে। অৱশ্যে তেওঁৰ পত্নীয়ে কেইদিনমানৰ ভিতৰতে ৰাজনীতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব পাৰে। ক্ৰিকেটাৰ জাদেজাৰ পত্নী ৰিভাবা জাদেজাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে।

ৰিভাবা এগৰাকী বিজেপি নেত্ৰী। এজন তাৰকা ক্ৰিকেটাৰৰ পত্নী হোৱাৰ উপৰি ৰিভাব গুজৰাটৰ এগৰাকীপৰিচিত নেত্ৰী। যিটো সময়ত গুজৰাট বিধানসভা নিৰ্বাচনত এইবাৰ বহু ‘পুৰণি নেতা’ৰ নাম কটা হ’ব পাৰে বুলি বাতৰি ওলাইছে তেনে সময়তে তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ বাবে মন মেলিছে। সূত্ৰ অনুসৰি এইবাৰ গুজৰাটৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ সম্ভাৱ্য তালিকা প্ৰস্তুত কৰা হৈছে। বিজেপিৰ শীৰ্ষ নেতৃত্বইসেই তালিকাত ৰিভাবৰ নামো সন্নিবিষ্ট কৰিছে। বুধবাৰে, গুজৰাট নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ চূড়ান্ত তালিকা সম্ভাৱ্য তালিকাৰ পৰা যোগ্য প্ৰাৰ্থী বাছনি কৰি প্ৰস্তুত কৰা হ’ব। শুনা গৈছে যে এইবাৰ ক্ৰিকেটাৰ-পত্নীয়ে চূড়ান্ত তালিকালৈ অহাৰ যথেষ্ট সম্ভাৱনা আছে।

যদিও শেষ মুহূৰ্তত খেল খন বেলেগ হৈ পৰিব পাৰে। যোৱা কেইদিনমান ধৰি এনে খবৰ পোৱা গৈছে যে বিজেপিয়ে এইবাৰ গুজৰাট বিধানসভা নিৰ্বাচনত কেইবাখনো নতুন মুখ আগুৱাই দিব।এই কথা মনত ৰাখি ৰাজ্যৰ শীৰ্ষ নেতৃত্বই গুজৰাটত বিজেপিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকাত যুৱ বিজেপি নেতাসকলৰ নাম উল্লেখ কৰিছে।

ৰিভাবা সেই যুৱ প্ৰতিনিধিসকলৰ মাজৰে এগৰাকী। জাদেজাৰ পত্নী যোৱা তিনি বছৰ ধৰি বিজেপিৰ সৈতে জৰিত হৈ আছে। দৰাচলতে, ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ সময়তো তেওঁৰ প্ৰাৰ্থিত্বক লৈ জল্পনা-কল্পনা চলি আছিল। কিন্তু শেষত তেওঁ কোনো সুযোগ পোৱা নাছিল। এইবাৰ তেওঁৰ সম্ভাৱনা উজ্জবল বুলি বহুতে আলোচনা কৰিছে।