NORTHEAST NOW (Assamese)

ভাৰত-চীনা সৈন্যৰ সংঘৰ্ষত ছহিদ হোৱা ভাৰতীয় জোৱানক শ্ৰদ্ধাঞ্জলি ক্ৰিকেটাৰৰ

June 17, 2020 2:13 pm · এন ই নাও নিউজ

লাডাখৰ গলৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ মাজত হোৱা সংঘৰ্ষত এজন কৰ্ণেলসহ ২০ গৰাকী ভাৰতীয় সেনা জোৱানৰো মৃত্যু হোৱা খবৰে শোকস্তব্ধ কৰি তুলিছে দেশবাসীক।

সীমা কেন্দ্ৰিক সংঘৰ্ষত প্ৰাণ হেৰুওৱা এই সকল বীৰ জোৱানক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলী, প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ লগতে আন বহুতো ক্ৰিকেটাৰে।

টুইটযোগে কোহলীয়ে কয়, ‍‘আমাৰ দেশ ৰক্ষাৰ বাবে প্ৰাণ আহুতি দিয়া সৈনিক সকলক চালাম আৰু সন্মান জনাইছো। পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো’।

যুৱৰাজে কয়, ‍‘মই আতীয় সৈনিকৰ সাহসক চালাম জনাইছো যিয়ে গলৱান উপত্যকাত ছহিদ হ’ল। ছহিদ পৰিয়ালক শক্তি প্ৰদানৰ বাবে মই প্ৰাৰ্থনা জনাইছো’।

 

প্ৰাক্তন ক্ৰিকেটাৰ মহম্মদ কাঈফেও মাতৃ-ভূমিৰ বাবে প্ৰাণ আহুতি দিয়া ছহিদ সেনাসকলক শ্ৰ্দ্ধাঞ্জলি জ্ঞাপন কৰে।

তদুপৰি ভাৰতীয় দলৰ বৰ্তমানৰ অপেনিং বেটছমেন শিখৰ ধাৱানে কয়, ‍‘তেওঁলোকৰ বলিদান ৰাষ্ট্ৰই কেতিয়াও পাহৰিব নাযায়। তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিলো’।

ইয়াৰ উপৰি প্ৰাক্তন বেগী বলাৰ ইৰফান পাঠানেও ছহিদ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ বলিদানৰ বাবে ৰাষ্ট্ৰ সদাই ঋণী বুলি মন্তব্য কৰে।

Related News