NORTHEAST NOW (Assamese)

পদপথ ব্যৱসায়ীৰ জীৱনলৈ নামি আহিছে দুৰ্যোগ : বিক্ৰী কৰিবলৈ বাধ্য হৈছে নিজ দোকানৰ সামগ্ৰী!

May 7, 2020 11:57 am · দীপজ্যোতি শৰ্মা
Updated: May 7, 2020 5:28 pm

তৃতীয় পৰ্যায়ৰ লকডাউনত কিছু পৰিমাণে শিথিল কৰি ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ অনুমিত দিছে চৰকাৰে।

কিন্তু গুৱাহাটী মহানগৰীৰ প্ৰায় ২৫০০০ পদপথৰ ব্যৱসায়ীসকল ব্যৱসায় এতিয়াও বন্ধ৷

দৈনিক উপাৰ্জনেৰে পৰিয়াল পোহপাল দিয়া এইসকল লোকৰ কথা চৰকাৰে কেতিয়া ভাবিব? এই প্ৰশ্ন পদপথ ব্যৱসায়ীৰ।

ল’কডাউনৰ দীঘলীয়া হোৱাৰ ফলত ব্যৱসায় তেওঁলোকক ভীষণ আৰ্থিক অনাটনত ভুগিছে।

সেয়ে নৰ্থ ইষ্ট নাওৰ জৰিয়তে পদপথ ব্যৱসায়ী সন্থাৰ উপদেষ্টা সীমান্ত শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ অধীনৰ পদপথ ব্যৱসায়ীসকলে পুনৰ ১০০০ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনাইছে।

আনহাতে দুই এঠাইত দুই এজন ভেণ্ডৰে দোকান আৰম্ভ কৰিছে যদিও প্ৰশাসনে তাক উঠাই নিছে৷ শৰ্মাই আমাৰ সংবাদিক কয়।

বহু পদপথ ব্যৱসায়ীয়ে নিজৰ বস্তু বিক্ৰী কৰি দিৱলগীয়া হোৱা বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে সীমান্ত শৰ্মাই।

আৰ্থিক অনাটনৰ ফলত দোকানৰ ফাৰ্ণিচাৰ পৰ্যন্ত বিক্ৰী কৰিবলগীয়া অৱস্থা হৈছে।

কিছু সংখ্যকে নিজৰ দোকানকে বিক্ৰী কৰিবলৈ বাধ্য হৈছে বুলিও মন্তব্য কৰে শৰ্মাই।

দুই চাৰিটা ঠাইত ভেণ্ডিং জ’ন দিছে যদিও অতি দুৰ্গম ঠাইত দিছে৷ তাত দোকান চলোটো সম্ভৱ নহয়। উপদেষ্টা গৰাকীয়ে কয়।

Related News