NORTHEAST NOW (Assamese)

গোলৰ সৰ্বোচ্চ অভিলেখ! ৮০৭টা গোলেৰে অপ্ৰতিৰোধ্য ৰোনাল্ডো; কেৰিয়াৰত কিমানটা হেট্ৰিক?

March 13, 2022 11:10 am · এন ই নাও নিউজ, গুৱাহাটী

অপ্ৰতিৰোধ্য ক্ৰিশ্চিয়ানো ৰোনাল্ডো। ৩৭ বছৰ বয়স অতিক্ৰম কৰা পৰ্তুগীজৰ এই ফুটবলৰ যুৱৰাজে এটাৰ পিছত এটা গোলেৰে গঢ়ি গৈছে নতুন অভিলেখ। শনিবাৰে নিশা হেট্ৰিকৰ লগতে পেছাদাৰী ফুটবলত গোলৰ সংখ্যা মুঠ ৮০৭টা হ’লগৈ ৰোনাল্ডোৰ।  

শনিবাৰে প্ৰিমিয়াম লীগৰ খেলখনত টটেনহাম হটস্পাৰক ৩-২গোলৰ ব্যৱধানত পৰাজিত কৰে ৰোনাল্ডোৰ মানচেষ্টাৰ ইউনাইটেডে। দলত হৈ তিনিওটা গোলেই দিয়ে ৰোনাল্ডোই। ইয়াকে লৈ ৰোনাল্ডোৰ ক্লাব আৰু জাতীয় দল মিলি মুঠ ৫৯টা হেট্ৰিক হ’ল।

লগতে পঢ়ক: অভিলেখ! এদিনতে ৮১জনৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰিলে চৌদি আৰৱে

ফিফাৰ পৰিসংখ্যা অনুসৰি ৰোনাল্ডো ফিফাৰ ইতিহাসত সৰ্বোচ্চ গোলদাতা বুলি কোৱা হৈছে। ফিফাৰ মতে অষ্ট্ৰিয়াৰ প্ৰাক্তন আৰ তদানীত্বন চেকোশ্ল’ভেকিয়াৰ ষ্ট্ৰাইকাৰ ইয়োছেফ বাইকানৰ মুঠ গোল সংখ্যা হৈছে ৮০৫টা। এতিয়ালৈকে সেইটোৱেই আছিল সৰ্বোচ্চ গোল সংখ্যাৰ অভিলেখ।

ইপিনে, ৰোনোল্ডোই বহুদিন আগেয়েই ৮০০গোল দাতাৰ অভিলেখ স্পৰ্শ কৰিছিল যদিও বাইকানৰ অভিলেখ ভংগ হোৱা নাছিল। শনিবাৰে টটেনহামৰ বিৰুদ্ধে হেট্ৰিকসহ সৰ্বোচ্চ ৮০৭টা গোলদাতাৰ অভিলেখ গঢ়ে।

শনিবাৰে নিশা মানচেষ্টাৰ ইউনাইটেডৰ হৈ খেলৰ ১২ মিনিটতে প্ৰথম গোলটো কৰি বাইকানৰ ৮০৫টা গোলৰ অভিলেখ স্পৰ্শ কৰে ৰোনাল্ডোই। খেলখনৰ ৩৮ মিনিটত কৰা দ্বিতীয়টো গোলৰ যোগেদি তেওঁ বাইকানৰ অভিলেখ ভংগ কৰে। সেইদৰে খেলখনৰ ৮১মিনিটত তৃতীয়টো গোল কৰি ৰোনাল্ডোই আন এটা হেট্ৰিকৰ জৰিয়তে মানচেষ্টাৰ ইউনাইটেডক বিজয়ী কৰায়। 

Related News