NORTHEAST NOW (Assamese)

নদীত বাগৰি পৰিল গাড়ী : সোৱণশিৰিৰ বুকুত কৰুণ মৃত্যুক সাৱটিলে চি আৰ পি এফ জোৱানে

January 2, 2024 2:40 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

বছৰৰ প্ৰথমটো দিনতে লখিমপুৰ জিলাত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। পত্নী আৰু সন্তানৰ সৈতে গৈ থকা অৱস্থাত এজন চি আৰ পি এফ জোৱানৰ গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰে।

এই দুৰ্ঘটনাত পত্নী আৰু সন্তানৰ প্ৰাণ ৰক্ষা পৰে যদিও জোৱানজনে প্ৰাণ হেৰুৱায়।

নিহত চি আৰ পি এফ জোৱানজনৰ নাম সীমান্ত শইকীয়া।

সূত্ৰৰ পৰা জানিব পৰা মতে, জামুগুৰিহাটত পিকনিক খাই উভতি আহি থকা সময়তে নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন সোৱণশিৰি নদীত বাগৰি পৰে।

নদীত বাগৰি পৰা গাড়ীখনৰ পৰা পত্নী আৰু সন্তান গাড়ীৰ পৰা ওলাই নদীৰ পাৰ পাবলৈ সক্ষম হয় যদিও গাড়ীৰ ভিতৰত আৱদ্ধ হৈ জোৱানজনে মৃত্যুক সাৱটি লয়।

স্থানীয় বাসিন্দাসকলে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰি ৰছী ব্যৱহাৰ কৰি গাড়ীখন নদীৰ পৰা টানি আনিবলৈ সক্ষম হয়। কিন্তু দুৰ্ভাগ্যজনকভাৱে গাড়ীৰ ভিতৰত আবদ্ধ হৈ থকা জোৱানজনক বচাব পৰা নগ’ল।

Related News