NORTHEAST NOW (Assamese)
অসম

মাজুলীত লুইতৰ পাৰত নিৰ্মাণ হ’ব সাংস্কৃতিক বিশ্ববিদ্যালয়

Posted by: মিটু খাটনিয়াৰ Updated by: মিটু খাটনিয়াৰ October 11, 2019 11:29 am

প্ৰাকৃতিকভাৱে চহকী মাজুলীৰ গৰমূড়ৰ সমীপৰ লুইতৰ পাৰৰ মাণিকা পথাৰত নিৰ্মাণ হ’ব মাজুলীবাসীৰ বহু প্ৰত্যাশিত সাংস্কৃতিক বিশ্ববিদ্যালয়।

এই ক্ষেত্ৰত আবণ্টিত ১০০ বিঘা মাটিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া বৃহস্পতিবাৰে আৰম্ভ কৰে জিলা ৰাজহ বিভাগে।

মাজুলীৰ উপায়ুক্ত বিক্ৰম কৈৰী, আই এ এছ আৰু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডম্বৰুধৰ নাথৰ উপস্থিতিত আৰম্ভ কৰা হয় এই সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়া।

ৰাজহ বিভাগৰ হৈ তদাৰক কৰে অতিৰিক্ত উপায়ুক্ত উৎপল দলে, ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা আৰু অনামিকা গগৈয়ে।

বিশ্ববিদ্যালয়খনৰ বাবে আবণ্টিত ভূমিৰ এই সীমা নিৰ্ধাৰণৰ সময়ত গড়কাপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অঞ্জন বৰুৱাও উপস্থিত থাকে।

সত্ৰীয়া সংস্কৃতি তথা বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহনীয়া সংস্কৃতিৰে ভৰপূৰ মাজুলীত নিৰ্মাণ হ’বলৈ ওলোৱা বিশ্ববিদ্যালয়খনে আশাৰ বতৰা কঢ়িয়াই আনিছে মাজুলীলৈ।

আনহাতে উপাচাৰ্যৰ নিযুক্তিতে নিযুক্তি প্ৰক্ৰিয়া বন্ধ হৈ থকা বিশ্ববিদ্যালয়খনৰ প্ৰাৰম্ভিক কাম-কাজত স্থবিৰতা অহা বুলি উল্লেখ কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডম্বৰুধৰ নাথে।