NORTHEAST NOW (Assamese)
অসম

শোণিতপুৰৰ ঠেলামৰাত ডিচিৰ গাড়ীত আক্ৰমণ, সান্ধ্য আইন জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 5, 2020 11:10 pm
Curfew clamped in Sonitpur's Thelamara, Dhekiajuli PS area

ৰাম মন্দিৰৰ ভূমি পূজনৰ উপলক্ষত বাহিৰ কৰা এক সমদলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ পিছতে উত্তপ্ত হৈ থকা শোণিতপুৰৰ ঠেলামৰা আৰু ঢেকীয়াজুলি আৰক্ষী থানা এলেকাত সান্ধ্য আইন জাৰি কৰা হৈছে।

জিলা দণ্ডাধীশ মানবেন্দ্ৰ প্ৰতাপ সিঙে ৫ আগষ্টৰ সন্ধিয়া ১০ বজাৰ পৰা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্য্যন্ত সান্ধ্য আইন জাৰি কৰিছে।

ইফালে ঠেলামৰা আৰক্ষী থানা এলেকাৰ গৰুডুবাত সন্ধিয়া এক সংঘৰ্ষত জিলা উপায়ুক্তৰ গাড্ৰী ক্ষতিগ্ৰস্ত হৈছে।

উপায়ুক্ত সিঙে সংবাদ মাধ্যমক জনোৱা মতে পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে।

বজৰং দল, ৰামসেনা আৰু বিশ্ব হিন্দু পৰিষদে ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে উলিওৱা বাইক সমদলৰ ওপৰত ঠেলামৰা-চুটিপাহাৰ (ভৰা শিঙৰী) এলেকাত একাংশ লোকে আক্ৰমণ কৰিছিল।

অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) নুমল মাহাতোৱে জনোৱা মতে লোকসকলক আঁতৰাই পঠাবলৈ শূন্যলৈ ১০ ৰাউণ্ড গুলী চলাব লগা হৈছিল।

ঘটনাটোত কমেও ১২গৰাকী লোক আঘাতপ্ৰাপ্ত হৈছিল।

আক্ৰমণকাৰী লোকসকলৰ হাতত বহুকেইগৰাকী সমদলকাৰী গুৰুৰত ভাৱে আঘাতপ্ৰাপ্ত হয়।

অঞ্চলটোৰ হৰগৌৰী মন্দিৰত অনুষ্ঠিত হৈছিল ৰাম মন্দিৰৰ ভূমি পূজন উপলক্ষে বিশেষ অনুষ্ঠান।
এটা বিশেষ সম্প্ৰদায়ৰ লোকে সমদলৰ বহুকেইখন বাইক আৰু এখন টাটা মেজিক জ্বলাই দিয়াৰ উপৰিও আবদ্ধ কৰি ৰাখে মন্দিৰটোৰ পুজাৰীসহ সমদলকাৰী কেইজনমান সদস্যক।

পিছত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীৰ দলে লোককেইজনক মুকলি কৰি আনে।

জিলা উপায়ুক্তই সকলো পক্ষকে শান্তি আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বজাই চলিবলৈ আহ্বান জনাইছে।