NORTHEAST NOW (Assamese)
অসম

ৰাম মন্দিৰৰ ভূমি পূজন: সমষ্টিৰ কৰসেৱকক সন্মান মন্ত্ৰী শুক্লবৈদ্যৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা August 5, 2020 11:20 pm
Ram Mandir Bhoomi Poojan: Assam minister Parimal Suklabaidya felicitates Kar Sevaks

ভাৰতৰ বাবে আজিৰ দিনটো এক বিশেষ দিন। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্তত আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ৰাম মন্দিৰৰ শিলান্যাস কৰে।

কৰ’না কালৰ বাবে অনুষ্ঠানত সোশৰীৰে উপস্থিত থাকিব নোৱাৰিলেও আজিৰ এই বিশষ দিনটোক বিশেষভাৱে পালন কৰে ৰাজ্যৰ বন-পৰিৱেশ আৰু আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

আজিৰ দিনটোক এক ঐতিহাসিক দিন হিচাপে আখ্যা দি মন্ত্ৰীগৰাকীয়ে সকলোৱে একতাৰ ডোলেৰে বান্ধ খাবলৈ আহ্বান জনায়।

মন্ত্ৰীগৰাকীয়ে নিজ সমষ্টি কাছাৰ জিলাৰ ধলাই সমষ্টিৰ যিসকল কৰসেৱকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে হোৱা আন্দোলনৰ সময়ত সময়ত প্ৰভু শ্ৰীৰামৰ বাবে আত্মবলিদান দিবলৈ কৰসেৱাৰ উদ্দেশ্য অযোধ্যালৈ গৈছিল সেইসকলক আজি সন্মান জ্ঞাপন কৰে।

সমষ্টিটোৰ কৰসেৱকসকলৰ ঘৰে ঘৰে গৈ মন্ত্ৰীগৰাকীয়ে একোখনকৈ অংগবস্ত্ৰ, একোখনকৈ ৰামনামী কাপোৰ আৰু একোখনকৈ ৰামায়ণ, মহাভাৰত আৰু গীতাৰ দৰে পৱিত্ৰ ধৰ্মগ্ৰন্থ প্ৰদান কৰি এই বিশেষ দিনটোৰ বাবে শুভকামনা জ্ঞাপন কৰে।

ইয়াৰ লগতে যিসকল কৰসেৱকে আজিৰ এই আনন্দৰ মুহূৰ্ত উপভোগ কৰিবলৈ সংসাৰত নাই সেইসকলকো শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাষলৈ গৈ মিঠাই খুৱাই আজিৰ বিশেষ দিনটোত সাফল্যৰ আনন্দ বিনিময় কৰে।

মন্ত্ৰীগৰাকীয়ে আজি ভাৰতী মাৰ যি সপোন পূৰণ হ’ল সেই সপোন পূৰণ হোৱাৰ শুভক্ষণত সকলোকে একত্ৰিত হৈ এই গৌৰৱৰ মুহূৰ্ত অনুভৱ কৰি নিজকে ভগৱান শ্ৰীৰামচন্দ্ৰৰ সুপুত্ৰ হিচাপে ধৰি লৈ জয় শ্ৰীৰাম বুলি ক’বলৈকো আহ্বান জনায়।