NORTHEAST NOW (Assamese)
অসম

প্ৰকৃতি সুৰক্ষাৰ আহ্বানেৰে বিশ্বনাথত চাইকেল ৰেলী লেটছ পেডেলৰ

Posted by: কাজি জেইদুল ইছলাম Updated by: কাজি জেইদুল ইছলাম September 27, 2020 5:59 pm
IMG20200927153713

ফ্ৰাইডেইছ ফৰ ফিউচাৰ গুৱাহাটীৰ আহ্বান মৰ্মে আজি লেটছ পেডেল বিশ্বনাথ চাৰিআলিৰ উদ্যোগত দিহিং পাটকাই আৰু বাঘজানত প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাক কেন্দ্ৰ কৰি এক সজাগতামূলক চাইকেল ৰেলী অনুষ্ঠিত কৰা হয়।

জৈৱ বৈচিত্ৰ্য ৰক্ষা কৰা, দিহিং পাটকাইক সুৰক্ষা প্ৰদান কৰা, দেওহাঁহ ৰক্ষা কৰক আদি প্লেককাৰ্ড সহ কোভিড ১৯ ৰ সম্পূৰ্ণ নীতি নিয়মৰ মানি বীনাপাণি নাট্য মন্দিৰৰ সমীপৰ পৰা আৰম্ভ হোৱা চাইকেল ৰেলী বিশ্বনাথ চাৰিআলি চহৰৰ মাজৰে যাত্ৰা কৰে।

উল্লেখ্য যে লেটছ পেডেলে পূৰ্বতেও বিভিন্ন সজাগতমুলক তথা অভিযানমূলক কাৰ্যসূচী সম্পন্ন কৰিছে।

স্নেহাংকৰৰ নেতৃত্বত অনুষ্ঠিত হোৱা আজিৰ চাইকেল ৰেলীত লাচিত শইকীয়া, নীহাৰ শইকীয়া, নয়ন গগৈ, ৰিয়ন বৰা,পার্থ প্ৰতিম ভূমিজ, ভুচিত্ৰ দাধৰাই অংশগ্ৰহণ কৰে।