NORTHEAST NOW (Assamese)
অসম

নিভাৰ পাছত দক্ষিণ ভাৰতৰ দুৱাৰ মুখত আন এক ঘুৰ্ণিবতাহ ‘বুৰেভি’, ৰেড এলাৰ্ট জাৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2020 8:23 pm

ঘুৰ্ণিবতাহ বুৰেভিয়ে দক্ষিণ ভাৰতক প্ৰবল বৃষ্টিপাত আৰু ধুমুহাৰে জোকাৰি জোৱাৰ বাবে সাজু হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে কেৰালাৰ বহুকেইখন জিলাত ৰেড এলাৰ্ট জাৰি কৰিছে।

ঘুৰ্ণিবতাহ বুৰেভিয়ে থিৰুৱানন্তপুৰম, কোল্লাম, পাথানামিত্থা আৰু আলাপুজাক জোকাৰি জোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

ঘুৰ্ণিবতাহ বুৰেভিয়ে বৃহস্পতিবাৰে নিশা শ্ৰীলংকাৰ উপকূল পাৰ হৈ কেৰালত খুন্দা মৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে কেৰালা চৰকাৰে ৰাজ্যখনত এছ ডি আৰ এফ, এন ডি আৰ এফৰ লগতে উদ্ধাৰকাৰী দলসমূহক সাজু কৰি থৈছে।

এইকেইটা দিনত সাগৰৰ পাৰলৈ মাছমৰীয়াৰ লগতে সাধৰণ নাগৰিক সকলকো নাযাবৰ বাবে কেৰালা চৰকাৰে অনুৰোধ জনাইছে।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে ঘুৰ্ণিবতাহ নিভাই দক্ষিণ ভাৰতক জোকাৰি গৈছিল আৰু নিভাৰ প্ৰভাৱত এতিয়াও ভালেসংখ্যক দক্ষিণ ভাৰতীয় জিলাত বৰষুণ হৈ আছে।