NORTHEAST NOW (Assamese)
Popular Stories

নিজ কিশোৰী কন্যা আৰু পত্নীক এছিড আক্ৰমণ এজন লোকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2020 8:22 pm
index.jpgb

নিজ পত্নী আৰু কিশোৰী কন্যাৰ ওপৰত এছিড আক্ৰমণ দৰে এক ঘটনা সংঘটিত কৰিছে এজন লোকে।

ঘটনাটো সংঘটিত হৈছে দক্ষিণ ভাৰতৰ দক্ষিণ কেৰেলাৰ ক’ল্লামত।

আৰক্ষীয়ে প্ৰকাশ কৰা ঘটনাৰ বিৱৰণীৰ মতে ক’ল্লামৰ এগৰাকী গাড়ী চালকে তেওঁৰ পত্নীয়ে তেওঁক বিশ্বাসঘাটকতা কৰাৰ সন্দেহত মংগলবাৰে নিশা কাজিয়াত লিপ্ত হয়।

কাজিয়াত লিপ্ত হৈ থকাৰ সময়তে কে কল্যাণ নামৰ গাড়ী চালকজনে খঙত অগ্নিশৰ্মা হৈ পত্নীৰ শৰীৰলৈ এছিড নিক্ষেপ কৰে।

পিতৃৰ এছিড আক্ৰমণৰ পৰা মাতৃক ৰক্ষা কৰিবলৈ চেষ্টা কৰা ১৪ কন্যা গৰাকীও এছিড আক্ৰমণত গুৰুতৰ ভাৱে আহত হয়।

আৰক্ষীৰ মতে উক্ত এছিড আক্ৰমণত প্ৰতিৱেশী দুগৰাকী কিশোৰীৰ শৰীৰো সামান্যভাৱে দগ্ধ হৈছে।

এছিড আক্ৰমণত আহত পত্নী আৰু কন্যাক থিৰুৱনট্টমপুৰম মেডিকেল কলেজত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। পত্নীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰতিৱেশী জয়ন নামৰ লোকজনৰ মতে এছিড আক্ৰমণকাৰী লোকজন মাদক দ্ৰৱ্যৰ লগতে ড্ৰাগছত আসক্ত।

উল্লেখ্য যে ক্ৰাইম ৰেক’ৰ্ড ব্যু’ৰ মতে বিগত বৰ্ষত এছিড আক্ৰমণৰ ১৩ টা ঘটনাৰে কেৰেলা দেশৰ ভিতৰতে চতুৰ্থ স্থানত আছে।

বিগত বৰ্ষটোত দেশৰ মুঠ ২৫২ টা এছিড আক্ৰমণৰ ঘটনাৰ ভিতৰত উত্তৰ প্ৰদেশে ৬০ টাৰে শীৰ্ষ স্থানত থকাৰ বিপৰীতে ৫২ টাৰে পশ্চিমবংগই দ্বিতীয় আৰু ১৭ টাৰে দিল্লীয়ে তৃতীয় স্থানত আছে।