NORTHEAST NOW (Assamese)
Popular Stories

কেন্দ্ৰীয় কৰ্মচাৰীলৈ মোদী চৰকাৰৰ উপহাৰ; ৪ শতাংশ মূল্যবৃদ্ধি ভাট্টা বৃদ্ধিৰ সিদ্ধান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2020 5:27 pm
Modi meeting

মোদী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সুখবৰ কঢ়িয়াই আনিছে।

কেন্দ্ৰীয় কেবিনেটৰ বৈঠকৰ অন্তত চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনভোগী সকলৰ মূল্যবৃদ্ধি ভাট্টা চাৰি শতাংশ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে।

ইয়াৰোপৰি, কেন্দ্ৰীয় কেবিনেটে য়েছ বেংকৰ পুনৰ গঠনৰ পৰিকল্পনাত মঞ্জুৰী প্ৰদান কৰে।

আনহাতে, কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত কৰ’না ভাইৰাছ প্ৰতিৰোধৰ প্ৰস্তুতি সম্বন্ধেও সমীক্ষা কৰা হয়।

কৰ’না ভাইৰাছ সম্বন্ধে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডা০ হৰ্ষবৰ্ধনে কেবিনেটৰ সন্মুখত বৰ্ণনা কৰে।

বৈঠকত কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়, বিত্ত মন্ত্ৰ্যালয়, বৈদেশিক মন্ত্ৰ্যালয়, বাণিজ্য মন্ত্ৰ্যালয়ক সজাগ কৰি দিয়া হয়।

মূল্যবৃদ্ধি ভাত্তা কি?

চৰকাৰী কৰ্মচাৰী সকলৰ থকা-খোৱাৰ ধৰণৰ মান উন্নত কৰাৰ বাবে মূল্যবৃদ্ধি ভাট্টা দিয়া হয়।

বিগত বহু সময়ৰ পৰা মূল্যবৃদ্ধি ভাট্টা বৃদ্ধি কৰাৰ বাবে দাবী উত্থাপন কৰি অহা হৈছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, কেন্দ্ৰীয় কেবিনেটে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনভোগী সকলৰ মূল্যবৃদ্ধি ভাট্টা ৪ শতাংশ বৃদ্ধি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।