NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা: বিজেপিলৈ লক্ষীপুৰৰ কংগ্ৰেছী বিধায়ক ৰাজদ্বীপ গোৱালা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 13, 2020 5:29 pm
Lakhipur Cong MLA Rajdeep Goala to join BJP soon

লক্ষীপুৰৰ কংগ্ৰেছ বিধায়ক ৰাজদ্বীপ গোৱালাই সোনকালেই যোগ দিব বিজেপিত, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এই কথা ঘোষণা কৰিছে।

বৃহস্পতিবাৰে মন্ত্ৰী শৰ্মাই এজন প্ৰভাৱশালী কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰিব বুলি মন্তব্য কৰিছিল।

শৰ্মাৰ মন্তব্যৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুণ বৰাই এই কথা অস্বীকাৰ কৰিছিল।

কিন্তু, ৰিপুণ বৰাৰ মন্তব্যৰ বিপৰীতে মন্ত্ৰী শৰ্মাই যোগ দিব লগা বিধায়কজনৰ নাম শুকুৰবাৰে সদৰী কৰে।

ৰাজদ্বীপ গোৱালা ১৩নং লক্ষীপুৰ বিধান সভা সমষ্টিৰ পৰা ২০১৪ চনত নিৰ্বাচিত হৈ আহিছিল।

তেওঁৰ দেউতাক অসমৰ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী দীনেশ প্ৰসাদ গোৱালাৰ মৃত্যুৰ পিছত ৰাজদ্বীপ গোৱালা লক্ষীপুৰৰ বিধায়কৰূপে নিৰ্বাচিত হৈ আহিছিল।

দীনেশ প্ৰসাদ গোৱালা সমষ্টিটোৰ সাতবাৰৰ বিধায়ক আছিল। ১৯৮৩ চনৰ পৰা ২০১১লৈকে তেওঁ লক্ষীপুৰৰ বিধায়ক আছিল।