NORTHEAST NOW (Assamese)
অসম

নগাঁৱত ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা হ’ল ডাক বিভাগৰ মেলা

Posted by: মুৰুলী বৰুৱা Updated by: মুৰুলী বৰুৱা November 17, 2020 8:22 am

নগাঁৱৰ শ্বহীদ ভৱনত সোমবাৰে নগাঁও ডাক বিভাগৰ উদ্যোগত অনুষ্ঠিত কৰা হয় মাণ্ডলিক পৰ্যায়ত PLI-RPLI মেলা।

নগাঁও ডাক বিভাগে আয়োজন কৰা এই মেলাখনত অংশগ্ৰহণ কৰে বিভাগটোৰ শতাধিক বিষয়া-কৰ্মচাৰীয়ে।

সামাজিক দূৰত্ব তথা ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা এই ডিভিজ’নেল লেভেল PLI-RPLI  মেলাখনৰ জৰিয়তে ডাক বিভাগে চৰকাৰী কৰ্মচাৰীৰ বাহিৰেও সাধাৰণ লোকে কিদৰে কম কিস্তিত জীৱন সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰিব পাৰে তাৰেই আভাস ডাঙি ধৰা হয়।

মেলাত উপস্থিত থকা গ্ৰামীণ ডাক সেৱক সকলে ক’ভিডৰ দৰে অতিমাৰীৰ সময়তো ৰাইজৰ স্বাৰ্থত নিষ্ঠাৰে কাম কৰি যোৱাৰ বাবে বিষয়াসকলে ধন্যবাদ জ্ঞাপন কৰে।

লগতে আহ্বান জনায় যে ভুৱা মাইক্ৰ’ফাইনেঞ্চৰ হাতোৰাৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি আৰু ডাক বিভাগে কি কি সুবিধা আগবঢ়াই আহিছে সেয়া জণসাধাৰণৰ ওচৰত উপস্থাপন কৰি সজাগ কৰাৰ লগতে ডাক বিভাগকো আগুৱাই নিয়াত গুৰুত্ব আৰোপ কৰা হয়।

পূৰ্বতে কেৱল চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য হোৱা জীৱন বীমা PLI বৰ্তমান সকলো পৰ্যায়ৰ লোকৰ বাবে RPLI উপলব্ধ।